
মৰিগাঁওঁ, ০৭ জুলাই (হি.স.)। মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দুটাকৈ কুখ্যাত চোৰ। চোৰ দুটা ক্ৰমে হাতিমূৰীয়া গাঁৱৰ মাছুদুল ইছলাম আৰু তাঁতীকটা গাঁৱৰ মবিন আলম বুলি পৰিচয় পোৱা গৈছে ।
কিছুদিন পূৰ্বে নগাঁও জিলাৰ ধিংৰ কাজুখাটিৰ পৰা এএছ ২১ জি ৯১২৯ নম্বৰৰ এখন চুৰি হোৱা মটৰ চাইকেল সহ মাছুদুল ইছলাম ওৰফে মাছুমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত মৈৰাবাৰীৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ মবিন আলমক মটৰ চাইকেল সহ গ্ৰেপ্তাৰ কৰে।
মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ১১১/২৫’ত তদন্ত ক্ৰমে আৰক্ষীয়ে অভিযান কালত চোৰ দুটাক গ্ৰেপ্তাৰ কৰি মৰিগাঁও জিলা আদালতত প্ৰেৰণ কৰে । অৱশ্যে অধিক তদন্তৰ খাতিৰত ইতিমধ্যে চোৰ দুটাক আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত অনা বুলি জানিব পৰা গৈছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
