– পবিত্ৰ গুহা ৭০ হাজাৰৰো অধিক তীৰ্থযাত্ৰীৰ দৰ্শন
জম্মু, ০৭ জুলাই (হি.স.)। বহুস্তৰীয় নিৰাপত্তা আৱৰণৰ মাজতে সোমবাৰে পুৱা জম্মুৰ ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা অমৰনাথ যাত্ৰালৈ ৰাওনা হয় ৮,৬০৫ গৰাকী তীৰ্থযাত্ৰী।
বিষয়াসকলে জনোৱা মতে, ৩৮ দিনীয়া যাত্ৰা আৰম্ভ হোৱাৰ পৰাই ৩,৮৮০ মিটাৰ উচ্চতাত অৱস্থিত শ্ৰী অমৰনাথৰ পবিত্ৰ গুহাত ৭০ হাজাৰতকৈ অধিক তীৰ্থযাত্ৰী উপস্থিত হৈছে। ৩ জুলাইৰ পৰা অনন্তনাগ জিলাৰ পেহেলগাম আৰু গণ্ডাৰবল জিলাৰ বালতালৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা।
বিষয়াসকলে জনোৱা মতে, আজি পুৱা ৩.৩০ আৰু ৪.২৫ বজাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে জম্মুৰ ভাগৱতী নগৰ বেছ কেম্পৰ পৰা ৩৭২ খন বাহনেৰে কাশ্মীৰৰ টুইন বেছ কেম্পলৈ ৰাওনা হৈছে ৬৪৮৬ জন পুৰুষ, ১৮২৬ জন মহিলা, ৪২ জন শিশু আৰু ২৫১ জন সাধ্ৱীসহ ৮,৬০৫ গৰাকী তীৰ্থযাত্ৰী।
তেওঁ কয় যে ১৬৬খন বাহনত ৩৪৮৬ গৰাকী তীৰ্থযাত্ৰী কঢ়িয়াই অনা প্ৰথমটো তীৰ্থযাত্ৰী কনভয় গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কিন্তু ঠেক বাল্টাল পথলৈ ৰাওনা হয়। ইয়াৰ পিছতে অনন্তনাগ জিলাৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰম্পৰাগত পহলগাম পথত ২০৬ খন বাহনত ৫,১১৯ গৰাকী তীৰ্থযাত্ৰীৰ দ্বিতীয়টো কনভয় ৰাওনা হয়। বুধবাৰৰ পিছত এইটোৱেই আছিল সৰ্বাধিক তীৰ্থযাত্ৰীৰ গোট। ইয়াৰ লগে লগে জম্মু বেছ কেম্পৰ পৰা এই পৰ্যন্ত মুঠ ৪০,৩৬১ গৰাকী তীৰ্থযাত্ৰী উপত্যকালৈ ৰাওনা হৈছে। থিতাতে পঞ্জীয়নৰ বাবে কাউণ্টাৰত বিপুল ভিৰ। এই হুলস্থুল লাঘৱ কৰিবলৈ কৰ্তৃপক্ষই কাউণ্টাৰৰ সংখ্যাৰ লগতে দৈনিক কোটাও বৃদ্ধি কৰিছে।
ইফালে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩ হাজাৰৰো অধিক ভক্তই নিজৰ পঞ্জীয়ন কৰিবলৈ জম্মুত উপস্থিত হৈছে। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো ভক্তসকলৰ অদম্য বিশ্বাস স্পষ্টকৈ দেখা গৈছে। তীৰ্থযাত্ৰীসকলে কয় যে গুহা মন্দিৰত প্ৰাকৃতিকভাৱে গঠিত বৰফ শিৱলিঙক পূজা কৰি ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰাত নামি পৰাত তেওঁলোকৰ কোনো ভয় নাই। তেওঁলোকে কয় যে কাশ্মীৰত সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ শিৱক প্ৰাৰ্থনা কৰিব আৰু যাত্ৰাত ভিৰ কৰা ভক্তৰ সংখ্যা বৃদ্ধিয়ে সন্ত্ৰাসবাদী আৰু পাকিস্তানক উপযুক্ত উত্তৰ দিব যে তেওঁলোকে তেওঁলোকক ভয় নকৰে। এই পৰ্যন্ত ৩.৫ লাখৰো অধিক লোকে তীৰ্থযাত্ৰাৰ বাবে অনলাইন যোগে পঞ্জীয়ন কৰিছে।
সমগ্ৰ জম্মুত ৩৪টা আৱাস কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু তীৰ্থযাত্ৰীসকলক ৰেডিঅ’ ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন (আৰ এফ আই ডি) টেগ প্ৰদান কৰা হৈছে। থিতাতে পঞ্জীয়নৰ বাবে বাৰটা কাউণ্টাৰ স্থাপন কৰা হৈছে।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এইবাৰ জম্মু সংমণ্ডলত বাৰ্ষিক অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ১৮০টা কোম্পানী নিয়োগ কৰা হৈছে, যিটো পূৰ্বৰ বছৰতকৈ ৩০টা বেছি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
