বলীউডৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আগন্তুক ছবি দ্য বেংগল ফাইলছক লৈ আজিকালি বহু চৰ্চা চলিছে। ৫ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পাবলগীয়া ছবিখন।শেহতীয়াকৈ ছবিখনৰ এটা শক্তিশালী প্ৰ’ম’ ভিডিঅ’ মুক্তি লাভ কৰিছে, যিটোৱে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড সঁহাৰি লাভ কৰিছে। বিবেক অগ্নিহোত্ৰীৰ পূৰ্বৰ ছবিৰ দৰেই দ্য বেংগল ফাইলছতো এটা গুৰুতৰ আৰু চিন্তা-উদ্দীপক বিষয়ৰ ওপৰত আধাৰিত। আমোদজনক কথাটো হ’ল ভাৰতৰ পূৰ্বে আমেৰিকাত এই ছবিখনৰ প্ৰিমিয়াৰ চলি আছে। আমেৰিকাৰ ১০খন ডাঙৰ চহৰত প্ৰদৰ্শিত হ’বলগীয়া ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যে ছবিখনে শক্তিশালী স্থান লাভ কৰিছে সেয়া প্ৰকাশ কৰিছে।
বহু প্ৰত্যাশিত ছবি ‘দ্য বেংগল ফাইলছ’ৰ জৰিয়তে পুনৰবাৰ দৰ্শকৰ সন্মুখত উপস্থিত হ’বলৈ সাজু হৈছে বিবেক অগ্নিহোত্ৰী। এই ছবিখনৰ গ্ৰেণ্ড প্ৰিমিয়াৰ আমেৰিকাৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব। ১৯ জুলাইত নিউ জাৰ্চী, ২০ জুলাইত ৱাশ্বিংটন ডি চি, ২৫ জুলাইত ৰেলি, ২৬ জুলাইত আটলান্টা, ২৭ জুলাইত টাম্পা, ১ আগষ্টত ফিনিক্স, ২ আগষ্টত লছ এঞ্জেলছ, ৩ আগষ্টত এছ এফ বে এৰিয়া, ৯ আগষ্টত চিকাগো আৰু ১০ আগষ্টত হিউষ্টনত প্ৰদৰ্শিত হ’ব ছবিখন।
দ্য বেংগল ফাইলছ ছবিখনৰ প্ৰমো শ্বেয়াৰ কৰাৰ সময়ত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এটা আৱেগিক বাৰ্তা লিখিছিল, আমেৰিকাৰ স্বাধীনতা দিৱস উপলক্ষে আমি ভাৰতৰ স্বাধীনতাৰ এক অকথিত আৰু অস্বস্তিকৰ কাহিনী লৈ আহিছো। ১০খন চহৰ, ১খন সত্য। যদি দ্য কাশ্মীৰ ফাইলে আপোনাক মূললৈকে জোকাৰি যায়, তেন্তে দ্য বেংগল ফাইলে আপোনাক আৰু অধিক অস্থিৰ কৰি তুলিব। এই ছবিখনত দেখা যাব এক শক্তিশালী এনচেম্বল কাষ্ট। অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱ যোশী, দৰ্শন কুমাৰ আৰু সীমৰাট কৌৰক মুখ্য চৰিত্ৰত দেখা যাব। বিবেক অগ্নিহোত্ৰীয়ে নিজেই পৰিচালনাৰ বাঘজৰী দখল কৰাৰ বিপৰীতে ছবিখনৰ প্ৰযোজক অভিষেক আগৰৱাল আৰু পল্লৱ যোশীয়ে। ‘দ্য বেংগল ফাইলছ’ আকৌ এবাৰ চিনেমাৰ জৰিয়তে ইতিহাসৰ সেই পৃষ্ঠাবোৰ উদঙাই দিবলৈ গৈ আছে, যিবোৰ এতিয়ালৈকে দমন কৰি ৰখা হৈ আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
