নতুন দিল্লী, ০৪ জুলাই (হি.স.)। অহা ২১ জুলাইৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ ২৬৮ সংখ্যক অধিৱেশন।আজি প্ৰকাশ পোৱা চৰকাৰী সংসদীয় বুলেটিন অনুসৰি ২১ আগষ্টলৈকে ৰাজ্যসভাৰ অধিৱেশন চলিব। এই সময়ছোৱাত মুঠ ২১খন বৈঠক অনুষ্ঠিত হ’ব।
সংসদীয় বুলেটিন অনুসৰি ৰাষ্ট্ৰপতিয়ে ২০২৫ চনৰ ২১ জুলাই সোমবাৰে নতুন দিল্লীত ৰাজ্যসভাৰ এখন বৈঠক আহ্বান কৰিছে। কৰ্মৰ জৰুৰী সাপেক্ষে অধিৱেশনখন ২১ আগষ্ট, ২০২৫ বৃহস্পতিবাৰে সমাপ্ত হোৱাৰ কথা। স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ কোনো বৈঠক নহ’ব।
আগন্তুক বৰ্ষা কালিন অধিৱেশন হ’ব অপাৰেচন সিন্দুৰৰ পিছত সংসদৰ প্ৰথমখন অধিৱেশন। যোৱা ০৭ মে’ত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে এই অভিযান আৰম্ভ কৰিছিল। পেহেলগামত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল ।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
