গোলাঘাট, ০৪ জুলাই (হি.স.)। গোলাঘাট জিলাৰ খেলুৱৈসকলৰ বাবে আশাব্যঞ্জক খবৰ । খুমটাইৰ নৰাগাঁৱত নিৰ্মাণ সম্পূৰ্ণ হৈছে এখন আটকধুনীয়া ষ্টেডিয়াম । প্ৰায় ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হৈছে আন্ত:ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব পৰাকৈ এই ষ্টেডিয়াম ।
সাতোৰ, বেডমিণ্টন, টেবুল টেনিছ, আৰ্চাৰি, ্শ্বুটিংকে ধৰি বহুকেইটা খেলৰ প্ৰশিক্ষণ ল’ব পাৰিব এই ষ্টেডিয়ামত । কিছু দিনৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব ষ্টেডিয়ামখন। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত গঢ়ি উঠা ষ্টেডিয়াম খনে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ক্ৰীড়া প্ৰতিভা প্ৰকাশৰ ক্ষেত্ৰত হৈ উৎকৃষ্ট সমল হৈ পৰাৰ আশা সকলোৰে । ইতিমধ্যে প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ হৈছে ষ্টেডিয়াম খনৰ ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
