• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰী মোডীক ট্ৰিনিদাদ আৰু ট’বেগোৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ ঘোষণা
National

প্ৰধানমন্ত্ৰী মোডীক ট্ৰিনিদাদ আৰু ট’বেগোৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ ঘোষণা

CliQ INDIA
Last updated: July 4, 2025 1:25 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০৪ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ট্ৰিনিদাদ এণ্ড ট’বাগো চৰকাৰে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বেগো’ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ভাৰতীয় প্ৰৱাসী সমাজৰ মাজত আয়োজিত এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰে এই ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীৰ এই ঐতিহাসিক ভ্ৰমণ আৰু দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক প্ৰশংসা কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানৰ বাবে ট্ৰিনিদাদ আৰু ট’বেগোৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ঘোষণা কৰে যে এতিয়া ত্ৰিনিদাদ আৰু ট’বেগোত বসতি স্থাপন কৰা ভাৰতীয় মূলৰ ষষ্ঠ প্ৰজন্মৰ লোকসকলকো অ’চিআই কাৰ্ড প্ৰদান কৰা হ’ব। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৮০ বছৰ পূৰ্বে ট্ৰিনিদাদ আৰু ট’বেগোলৈ অহা ভাৰতীয় মূলৰ লোকসকলৰ অৱদানৰ কথা স্মৰণ কৰে।

তেওঁ কয় যে তেওঁৰ এই ভ্ৰমণ সেই ঐতিহাসিক ঐতিহ্যক সন্মান জনোৱাৰ এক সুযোগ। ভাৰতীয় প্ৰৱাসীসকলৰ সাংস্কৃতিক সজীৱতা আৰু তেওঁলোকৰ সামাজিক ভূমিকাক তেওঁ শলাগ লয়। ‘বসুধৈৱ কুটুম্বকম’ নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ত্ৰিনিদাদ আৰু ট’বেগোক ভাৰতৰ অবিৰত সমৰ্থনৰ আশ্বাস দিয়ে।

ভাৰতৰ উন্নয়ন যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত দশকত আন্তঃগাঁথনি, ডিজিটেল প্ৰযুক্তি, সেউজ শক্তি, মহাকাশ গৱেষণা, উদ্ভাৱন আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত দেশখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে ২৫ কোটিৰো অধিক লোকক চৰম দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু ভাৰত অতি সোনকালে বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত স্থান পাব।

তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় অভিযান যেনে এআই, অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম কম্পিউটিং বৃদ্ধিৰ নতুন ইঞ্জিনলৈ পৰিণত হৈছে। ইউপিআই ভিত্তিক ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ সফলতাৰ উদাহৰণ দি তেওঁ কয় যে এই মডেল ট্ৰিনিদাদ আৰু ট’বেগোতো ফলপ্ৰসূ হ’ব পাৰে। প্ৰায় চাৰি হাজাৰ লোকৰ উপস্থিতিত আয়োজিত এই কাৰ্যসূচীত মহাত্মা গান্ধী ইনষ্টিটিউট ফৰ কালচাৰেল ক’অপাৰেশ্যনকে ধৰি বহু সংগঠনৰ শিল্পীয়ে মনোমোহা সাংস্কৃতিক প্ৰদৰ্শন আগবঢ়ায়।

উল্লেখযোগ্য যে ০৩ৰ পৰা ০৪ জুলাইলৈ ট্ৰিনিদাদ এণ্ড ট’বেগোৰ চৰকাৰী ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প’ৰ্ট অৱ স্পেইনত উপস্থিত হৈছে। ১৯৯৯ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰৰ লগতে কেবিনেট সদস্য আৰু বিশিষ্ট ব্যক্তিসকলে তেওঁক বিমানবন্দৰত এক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰীগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰি বিশেষ সাংস্কৃতিক উপস্থাপনেৰে আদৰণি জনোৱা হয়। হোটেলত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সমাজেও তেওঁক উষ্ম আদৰণি জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

অমৃতসৰ বিমানবন্দৰত ডুবাইৰ পৰা অহা উৰাজাহাজত উদ্ধাৰ অবৈধ সোণ
আই আই টি দিল্লী আৰু ৱাধৱানী ফাউণ্ডেচনৰ ‘প্ৰিচিচন এণ্ড পাৰ্চনেলাইজড হেল্থকেয়াৰ’ৰ উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন
ছত্তীশগড়ৰ গৰিয়াবন্দৰ উদন্ত আঞ্চলিক সমিতিৰ কমাণ্ডাৰৰ সতীৰ্থসকলক অস্ত্ৰ ত্যাগ কৰিবলৈ আহ্বান
কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙৰ পিতৃ আনন্দ সিঙৰ দেহাৱসান, মুখ্যমন্ত্ৰী যোগীৰ শোক প্ৰকাশ
আজি পুৱা ১১ বজাত  দাখিল কৰিব মোডী ৩.০ৰ প্ৰথমখন সাধাৰণ বাজেট, সীতাৰমণে গঢ়িব অভিলেখ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ প্ৰতিনিধি সদনৰ ট্ৰাম্পৰ ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ বিলত অনুমোদন, এতিয়া ৰাষ্ট্ৰপতিৰ সন্মতি বাকী
Next Article পর্বতঝোৰাত বন্য হস্তীৰ মুক্ত বিচৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?