
বেইজিং, ০৪ জুলাই (হি.স.)। চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত ত্ৰয়োদশ বিশ্ব শান্তি মঞ্চত ৮৬খন দেশ আৰু অঞ্চলৰ ১২০০ৰো অধিক বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানসকলে অংশগ্ৰহণ কৰে। এইবাৰৰ মঞ্চৰ বিষয়বস্তু হৈছে গোলকীয় শান্তি আৰু সমৃদ্ধি আগুৱাই নিয়া: ভাগ-বতৰা কৰা দায়িত্ব, সুবিধা আৰু কৃতিত্ব।
মঞ্চ উদ্বোধন কৰি চিংহুয়া বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তথা বিশ্ব শান্তি মঞ্চৰ সভাপতি লি লুমিঙে বৃহস্পতিবাৰে কয় যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত অস্থিৰতা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা আঞ্চলিক সংঘাতৰ বাবে বিশ্ব শান্তি আৰু উন্নয়ন অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ জোৰ দি কয় যে এনে সময়ত বিশ্ব ঐক্য আৰু আলোচনাক প্ৰসাৰিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
মঞ্চখনৰ অন্যতম মূল বক্তা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউকিঅ’ হাট’য়ামাই কয় যে “শান্তি অস্ত্ৰৰ দ্বাৰা নহয়, আলোচনাৰ জৰিয়তেহে লাভ কৰিব পাৰি”। তেওঁ লগতে জাপানে আমেৰিকাৰ পৰা কৌশলগত স্বাধীনতা শক্তিশালী কৰাৰ লগতে চীন আৰু কোৰিয়াৰ সৈতে ত্ৰিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়।
হাটোয়ামাই টাইৱান বিষয়টোক চীনৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি আঞ্চলিক উত্তেজনা হ্ৰাস কৰিবলৈ টাইৱানৰ স্বাধীনতাক সমৰ্থন কৰাৰ পৰা স্পষ্টভাৱে আঁতৰি আহিবলৈ জাপানক আহ্বান জনায়।
মঞ্চত মুঠ চাৰিটা মূল অধিবেশন আৰু ১৮টা পেনেল আলোচনা অনুষ্ঠিত হ’ব, য’ত আন্তঃৰাষ্ট্ৰীয় শৃংখলা, বিশ্ব নিৰাপত্তা সংকট, গ্ল’বেল চাউথৰ ভূমিকা আৰু মহাশক্তিৰ মাজত সমন্বয়ৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।
এই মঞ্চখন ২০১২ চনৰ পৰা চিংহুয়া বিশ্ববিদ্যালয় আৰু চীনৰ পিপলছ ইনষ্টিটিউট অৱ ফৰেইন এফেয়াৰ্ছে যৌথভাৱে আয়োজন কৰি আহিছে, যাৰ লক্ষ্য হৈছে নীতি বিশেষজ্ঞ আৰু বিশ্বব্যাপী চিন্তাধাৰাৰ বাবে আলোচনাৰ এক ফলপ্ৰসূ মঞ্চ প্ৰদান কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
