তামুলপুৰ, ০৩ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰৰ সৰ্বাংগীণ উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰি বড়ো জাতিৰ পিতৃ স্বৰূপ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোন সাৰ্থক কৰাৰ প্ৰয়াস আগত ৰাখি আজিৰে পৰা আৰম্ভ কৰিছে এক যাত্ৰা। বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক দল। বিটিআৰত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে কাইলৈ দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকীয়ে । পুৱা দহ বজাত তামুলপুৰ জিলা সদৰত জিলা বিজেপিৰ নৱ নিৰ্মীত কাৰ্যালয় এটি উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকি জিলা আয়ুক্তৰ কাৰ্যালয়ত এক অনুস্থানত।
আবেলি তামুলপুৰৰ কচুবাৰীস্থিত মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত অনুস্থিত হব লগা বুথ সন্মিলনত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকী আদৰিবলৈ সকলো তৎপৰ হৈ পৰিছে জিলা বিজেপিৰ কৰ্মকৰ্তাৰ লগতে জিলা প্ৰশাসন সকলো।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
