নতুন দিল্লী, ০৩ জুলাই (হি.স.)। নৰ্থাম্পটনত বুধবাৰে অনুষ্ঠিত তৃতীয় যুৱ এদিনীয়াত বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙে ভাৰতৰ ১৯ অনুৰ্ধ ইংলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ কৰে। বৰষুণৰ বাবে মেচখন প্ৰতি ইনিংছত ৪০ অভাৰলৈ হ্ৰাস পায়।
১৪ বছৰীয়া সূৰ্যবংশীয়ে ৩১টা বলত ৮৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ভাৰতৰ ২৬৯ ৰানৰ লক্ষ্যৰ ভেটি ক্ষিপ্ৰতাৰে স্থাপন কৰে। মাত্ৰ ২০টা বলত অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ এদিনীয়াত দ্বিতীয় ক্ষীপ্ৰ অৰ্ধশতক। ইয়াৰ পূৰ্বে ২০১৬ চনত নেপালৰ বিৰুদ্ধে ১৮টা বলত পঞ্চাশটা অৰ্জন কৰা ঋষভ পণ্টৰ হাতত আছিল সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰা অভিলেখ।
সূৰ্যবংশীৰ পাছত লোয়াৰ অৰ্ডাৰৰ বেটছমেন কনিষ্ক চৌহান আৰু আৰ এছ আম্ব্ৰিছে সপ্তম উইকেটৰ বাবে ৭৫ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল, যিয়ে ভাৰতক লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতে মেচখনত জয়লাভ কৰিছিল।
ইয়াৰ পূৰ্বে বিজে ডকিন্সৰ অৰ্ধশতকেৰে ইংলেণ্ডৰ ইনিংছ শক্তিশালী কৰাৰ লগতে অধিনায়ক থমাছ ৰেভ কনিষ্ক চৌহানে ৩টা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
