ধেমাজি, ০২ জুলাই (হি.স.)। ধেমাজিত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱ৷ এই পৰ্যন্ত জিলাখনত জাপানীজ এনকেফ্লাইটিছ সদৃশ ৰোগত পাঁচজন আক্ৰান্ত হৈছে আৰু ইয়াৰে দুগৰাকী কণমানি জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হোৱাতো নিশ্চিত হৈছে৷ জিলাখনৰ মাছখোৱাৰ উত্তৰ ডুমকটা অঞ্চলৰ এগৰাকী ১১ বছৰীয়া ছোৱালী আৰু আৰ্চি মাজৰবাৰী অঞ্চলৰ এগৰাকী দুবছৰীয়া কণমানি শিশুৰ শৰীৰত ইতিমধ্যে জাপানীজ এনকেফ্লাইটিছ অৱস্থিতি ধৰা পৰিছে৷ ইতিমধ্যে আক্ৰান্ত সকলক প্ৰয়োজনীয় চিকিৎসাসেৱা প্ৰদান কৰা হৈছে বুলি জনাইছে স্বাস্থ্য বিভাগে৷
ইফালে জিলাখনত জাপানীজ এনকেফ্লাইটিছ ৰোগী চিনাক্ত হোৱা অঞ্চলসমূহত স্বাস্থ্য বিভাগে ব্যাপক হাৰত ফগিং, আঠুৱা ঔষধিকৰণ কৰাৰ লগতে ৰাইজক এনকেফ্লাইটিছ ৰোগৰ বিৰুদ্ধে তৎপৰতাৰে সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ধেমাজি জিলাত জুলাই আৰু আগষ্ট মাহত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা কৰি ইতিমধ্যে স্বাস্থ্য বিভাগে ১০টা ফগিং মেচিনৰ জৰিয়তে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে বৰ্তমানলৈকে মুঠ ৪০,২২১খন আঠুৱা আই,টি,বি,এন পদ্ধতিৰে ঔষধিকৰণ কৰিছে৷ তদুপৰি জিলাখনৰ ৮৯ খন গাঁওৰ ৮৬,৮৯৫ জনসংখ্যা সামৰি বৰ্তমানলৈকে ৬০০ খন সজাগতা সভা অনুষ্ঠিত কৰিছে বুলি জনাইছে৷ মুঠতে জাপানীজ এনকেফ্লাইটিছ ৰোগৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
