-দক্ষিণ আফ্ৰিকাৰ অধিনায়ক হ’ব মুল্ডাৰ
নতুন দিল্লী, ০২ জুলাই (হি.স.)। আফ্ৰিকাৰ ভাৰপ্ৰাপ্ত অধিনায়ক কেশৱ মহাৰাজ জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলত গ্ৰাইণ্ডৰ আঘাতৰ বাবে বাহিৰ হৈছে। তেওঁৰ ঠাইত বাওঁহাতৰ স্পিনাৰ ছেনুৰাণ মুথুছামীয়ে দলত স্থান লাভ কৰিছে। মহাৰাজৰ অনুপস্থিতিত এতিয়া দলটোৰ অধিনায়ক হিচাপে থাকিব অলৰাউণ্ডাৰ উইয়ান মুল্ডাৰে।
ক্ৰিকেট দক্ষিণ আফ্ৰিকাই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি প্ৰথমখন টেষ্টৰ তৃতীয় দিনা বেটিং কৰি থকা অৱস্থাত মহাৰাজে এই আঘাতৰ সন্মুখীন হয়। তেওঁৰ আঘাতৰ ভয়াৱহতা জানিবলৈ অধিক পৰীক্ষাৰ বাবে ঘৰলৈ উভতি যাব। বিবৃতিটোত লগতে কোৱা হৈছে যে বুধবাৰে দলত যোগদান কৰাৰ কথা আছিল বেগী বলাৰ লুংগি ঙিডিক এতিয়া মুকলি কৰি দিয়া হৈছে যাতে প্ৰথমখন টেষ্টত উজ্জ্বল প্ৰদৰ্শন কৰা বেগী বলাৰসকলক আন এক সুযোগ দিব পাৰে।
৬ জুলাই শনিবাৰৰ পৰা আৰম্ভ হ’ব দ্বিতীয় আৰু অন্তিম টেষ্ট।দক্ষিণ আফ্ৰিকাই প্ৰথমখন টেষ্টত ৩২৮ ৰানৰ ডাঙৰ ব্যৱধানত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
