নতুন দিল্লী, ০২ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ পৰা আঠ দিনীয়া (২-৯ জুলাই) পাঁচখন দেশ ভ্ৰমণ কৰিব। এই দেশসমূহৰ ভিতৰত ঘানা, ট্ৰিনিদাদ, ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া অন্যতম। তেওঁ ৬-৭ জুলাইত ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। ৩০ জুনত এখন সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সবিশেষ শ্বেয়াৰ কৰে সচিব (পূব) পি কুমাৰনে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱস্থান হৈছে ব্ৰাজিল। ইয়াত প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰাজিলৰ ৰাজ্যিক অতিথি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
সংবাদমেলত উপস্থিত থকা সচিব (দক্ষিণ) নীনা মালহোত্ৰাই কয় যে প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিচেছৰৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে অহা ৩-৪ জুলাইৰ পৰা ট্ৰিনিদাদ এণ্ড ট’বাগোলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব। এইবাৰ ট্ৰিনিদাদ আৰু ট’বাগোত ভাৰতীয় প্ৰৱাসীৰ আগমনৰ ১৮০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। ট্ৰিনিদাদ আৰু ট’বাগোৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই ভাৰতীয় মূলৰ। প্ৰসংগক্ৰমে দুয়োটা পদতে মহিলা আৰু দুয়োজনেই অধিবক্তা।
এই উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (অৰ্থনৈতিক সম্পৰ্ক) ডাম্মু ৰবিয়ে কয় যে ব্ৰাজিলৰ ৰিঅ’ত ১৭ সংখ্যক ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব। ৰিঅ’ শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে ‘অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসনৰ বাবে গ্ল’বেল দক্ষিণ সহযোগিতা শক্তিশালী কৰা’। অহা বছৰ ভাৰতে উন্নয়নশীল দেশৰ এই সংগঠনৰ অধ্যক্ষতা কৰিব। তেওঁ অৱগত কৰে যে প্ৰধানমন্ত্ৰী মোডীয়ে অহা ০২-০৩ জুলাইত ঘানা ভ্ৰমণলৈ যাব। সুদীৰ্ঘ ৩০ বছৰৰ পাছত এই ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে তাত সংসদত সম্বোধন কৰিব। তাত থকা ভাৰতীয় সমাজৰ সৈতেও তেওঁ মত বিনিময় কৰিব।
ৰবিয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ০৯ জুলাইত নামিবিয়া ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণো গুৰুত্বপূৰ্ণ। ২৭ বছৰৰ পাছত এই ভ্ৰমণ হৈছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি নেটুম্বো নণ্ডি-নদৈটৱাহে চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁৰ কাৰ্যকালৰ ইমান আৰম্ভণিতে এই ভ্ৰমণ সম্পৰ্ক নবীকৰণৰ বাবে অতি উপযোগী, লগতে নামিবিয়াৰ সৈতে আমাৰ অৰ্থনৈতিক সংযোগ গভীৰ। ভাৰত আৰু নামিবিয়াৰ মাজত দীৰ্ঘদিন ধৰি অতি শক্তিশালী সম্পৰ্ক আছে।
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলীৰ আমন্ত্ৰণত অহা ০৪-০৫ জুলাইত আনুষ্ঠানিক ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোডী। প্ৰতিৰক্ষা, কৃষি, খনন, শক্তি, বাণিজ্য আৰু জনসাধাৰণৰ সম্পৰ্কৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা হ’ব। এই ভ্ৰমণে ভাৰত-আৰ্জেণ্টিনাৰ কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰিব।
বিদেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ০৯ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে নামিবিয়া ভ্ৰমণ কৰিব। এয়া তেওঁৰ প্ৰথম নামিবিয়া ভ্ৰমণ। তেওঁ ৰাষ্ট্ৰপতি নেটুম্বো নন্দি-নদৈটৱাহৰ সৈতে আলোচনাত মিলিত হ’ব আৰু নামিবিয়াৰ প্ৰতিষ্ঠাপক প্ৰয়াত ছেম নুজোমাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ নামিবিয়াৰ সংসদতো সম্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
