গুৱাহাটী, ০১ জুলাই (হি.স.)। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত মঙলবাৰে ৰাজভৱন চৌহদত ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
ৰাজভৱন সচিবালয়ৰ উপদেষ্টা ড০ হৰবংশ দীক্ষিত আৰু অ’এছডি অধ্যাপক বেচন লালৰ দ্বাৰা পৰিচালিত বৈঠকত বিশ্ববিদ্যালয়সমূহে এনইপি-২০২০ ৰূপায়ণৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰে। আলোচনাত উচ্চ শিক্ষাৰ প্ৰধান স্তম্ভ যেনে দক্ষতা বিকাশ, গৱেষণা আৰু উদ্ভাৱন, প্লেচমেণ্ট, উদ্যোগীকৰণ, প্ৰাক্তন ছাত্ৰ, শৈক্ষিক, উদ্যোগৰ সমন্বয় আৰু মানৱ সম্পদৰ সামগ্ৰিক বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়।
ৰাজ্যপালৰ নিৰ্দেশ অনুযায়ী বৈঠকত গুৰুত্ব আৰোপ কৰা হয় যে ভৱিষ্যতৰ বাবে সাজু এটা প্ৰজন্ম গঢ় দিয়াত উচ্চ শিক্ষানুষ্ঠানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। লগতে ছাত্ৰ কল্যাণ, প্ৰতিষ্ঠানিক উৎকৰ্ষতা আৰু সৰ্বাংগীন শিক্ষাৰ প্ৰসাৰৰ প্ৰচেষ্টাত ৰাজভৱনে সহযোগিতা অব্যাহত ৰাখিব বুলিও পুনৰ উল্লেখ কৰা হয়।
বৈঠকত উপাচাৰ্যসকলক বিশেষভাৱে আহ্বান জনোৱা হয় যে তেওঁলোকে নিজ নিজ বিশ্ববিদ্যালয়ত এন ই পি-২০২০ৰ সামগ্ৰিক আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰক, যাতে উচ্চ শিক্ষাক উদ্ভাৱন আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয় আৰু কুমাৰ ভাস্কৰ ভাৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে এই বৈঠকখন ৰাজ্যত এন ই পি-২০২০ সফল ৰূপায়ণৰ বাবে আয়োজন কৰা ৰাজভৱনে আয়োজন কৰা ধাৰাবাহিক বৈঠকৰ অংশ। উচচ শিক্ষা বিভাগ আৰু ৰাজ ভৱনৰ জ্যেষ্ঠ বিষয়াসকলো সভাত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
