• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰকেট আক্ৰমণ, বৃহৎ বিস্ফোৰণ
International

ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰকেট আক্ৰমণ, বৃহৎ বিস্ফোৰণ

CliQ INDIA
Last updated: July 1, 2025 5:25 pm
CliQ INDIA
Share
3 Min Read
SHARE

বাগদাদ, ০১ জুলাই (হি.স.)। ইৰাকৰ কিৰকুক চহৰত এক বৃহৎ বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। উত্তৰ ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সামৰিক অংশত পৰিল দুটা ৰকেট। এইবোৰত এজনৰ পৰা দুজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। মহানগৰীৰ এটা ঘৰত বাগৰি পৰিছে তৃতীয়টো ৰকেট। এই পৰ্যন্ত কোনো এটা গোটে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ইৰাকৰ সংবাদ সংস্থা আইএনএৰ উদ্ধৃতি দি ইৰাণৰ মেহৰ আৰু তুৰস্কৰ আনাডোলু নিউজ এজেন্সীয়ে কিৰ্কুকত এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। আই এন এৰ মতে, বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে গভীৰ নিশা কিৰ্কুক বিমানবন্দৰত তিনিটা (ৰকেট) প্ৰক্ষেপাস্ত্ৰ নিক্ষেপ কৰা হয়।

খবৰ অনুসৰি এই আক্ৰমণত এজন ব্যক্তি সামান্য আহত হয়। স্থানীয় সময় অনুসৰি (২০৩০ জিএমটি) নিশা ১১.৩০ বজাত বিমানবন্দৰৰ সামৰিক অংশত দুটা আৰু অসামৰিক অঞ্চলত এটা ৰকেট পৰিল। ইয়াৰ ফলত সামৰিক এলেকাৰ গাতে লাগি থকা এখন গেটৰ সমীপৰ জোপোহাত অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। ৰাণৱে বা বিমানবন্দৰৰ সুবিধাৰ কোনো ক্ষতি হোৱা নাই।

বিষয়াসকলৰ বিবৃতিত কোৱা হৈছে যে বিমানবন্দৰৰ সকলো উপাদান সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে। কিৰ্কুক অপাৰেচন কমাণ্ডৰ নিৰাপত্তা বাহিনীয়ে তৎক্ষণাত সঁহাৰি জনাই বিমানবন্দৰৰ চাৰিওফালে জোৱান নিয়োগ কৰে। বিবৃতি অনুসৰি তেওঁলোকে কোনো ধৰণৰ ভাবুকি নাই বুলিও নিশ্চিত কৰিছে আৰু এই কাণ্ডৰ ফলত নিৰ্ধাৰিত বিমান সেৱাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰিব বুলিও তেওঁলোকে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে ইৰাকৰ নিৰাপত্তাৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ইৰাকৰ কিৰকুক বিমান ঘাটি আৰু এটা অসামৰিক ঘৰত দুটা ৰকেট পৰি যায় যদিও কোনো লোকৰ মৃত্যু বা বস্তুগত ক্ষতি হোৱা নাই।

মন কৰিবলগীয়া যে ২০২২ চনৰ ১৬ অক্টোবৰত এই বিমানবন্দৰটো আনুষ্ঠানিকভাৱে সাধাৰণ নাগৰিকৰ বাবে মুকলি কৰা হৈছিল। ২০০৩ চনৰ পৰা ইয়াক আমেৰিকাৰ বায়ুসেনাই সামৰিক বিমানবন্দৰ হিচাপে ব্যৱহাৰ কৰিছিল। ২০১১ চনৰ নৱেম্বৰ মাহত ইয়াক ইৰাকী সেনাক ঘূৰাই দিয়া হৈছিল।

মধ্যপ্ৰাচ্যৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ইৰাক দীৰ্ঘদিন ধৰি ড্ৰোন আৰু ৰকেট আক্ৰমণৰ যুদ্ধক্ষেত্ৰ হৈ আহিছে। কেৱল এয়াই নহয়, ইৰাক প্ৰক্সি যুদ্ধৰ বাবেও উৰ্বৰ ভূমি হিচাপে প্ৰমাণিত হৈছে। দশক দশক ধৰি চলি থকা বিধ্বংসী সংঘাত আৰু উত্তাল পৰিস্থিতিৰ অন্তত ইয়াৰ স্থিতিশীলতাৰ আভাস শেহতীয়াকৈহে লাভ কৰিছে।

যোৱা সপ্তাহত ১২ দিনীয়া ইৰাণ-ইজৰাইল যুদ্ধৰ অন্ত পেলোৱা যুদ্ধবিৰতিৰ কেইঘণ্টামান পূৰ্বে বাগদাদ আৰু দক্ষিণ ইৰাকৰ দুটা সামৰিক ঘাটিত অচিনাক্ত ড্ৰ’নে ৰাডাৰ ব্যৱস্থাত আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ দোষীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ইৰাক চৰকাৰে ড্ৰ’ন আক্ৰমণৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে যদিও এতিয়াও কোনো দোষীক চিনাক্ত কৰা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বাংলাদেশ সাংবাদিকৰ নিৰ্যাতনগৃহ, ১১ মাহত ৪১২ জনৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩৯ জনক গ্ৰেপ্তাৰ, ১৬৮ জনৰ স্বীকৃতি বাতিল
ট্ৰাম্প উচ্চ স্তরীয় শি জিনপিংৰ সাক্ষাৎ কৰিবলৈ চীনলৈ যাত্ৰা কৰিছে, বাণিজ্য উত্তেজনা আৰু ইৰান সংকট এজেন্ডাত আধিপত্য বিস্তাৰ কৰিছে
অষ্ট্ৰেলিয়াৰ পূব অংশত ধুমুহাৰ বিধ্বংসী ৰূপ, এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু
আমেৰিকাৰ ইকুৱেডৰৰ দুটা গেংক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে নিৰ্ধাৰণ : ৰুবিঅ’
ট্ৰাম্প আৰু জেলেনস্কি দ্বিপাক্ষিক বৈঠকত মিলিত, ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধিৰ বিষয়ে চৰ্চা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article একেৰাহে চতুৰ্থ মাহৰ বাবে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ দৰ হ্ৰাস, মূল্য ৫৮.৫০ টকা কৰ্তন
Next Article পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, নিৰাপত্তা অধিক শক্তিশালী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?