
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। উত্তৰ পূৰ্বাঞ্চলৰ মাজত ফুটবলৰ অন্যতম কেন্দ্ৰ কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বমূলক মহিলা ফুটবল মেচ অনুষ্ঠিত হয়। কোকৰাঝাৰ কটালগুৰীস্থিত ছাই (SAI) ষ্টেডিয়ামত ৰবিবাৰে নিশা অনুষ্ঠিত হয় চুবুৰীয়া ৰাজ্য ভুটান জ্যেষ্ঠ ৰাষ্ট্ৰীয় মহিলা দল বনাম বডোলেণ্ড একাদশ দলৰ মাজত।
বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবল মেচ্ উপভোগ কৰিবলৈ অগনন ফুটবল প্ৰেমী ৰাইজ। চুবুৰীয়া ৰাজ্য ভুটানৰ সৈতে বডোলেণ্ডৰ সম্পৰ্ক বহুত ভাল। খেলৰ যোগেদি বন্ধুত্বমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা কথাত সদায় বডোলেণ্ডক প্ৰাধান্য দিয়ে। তাৰবাবে ভুটানলৈ ধন্যবাদ জ্ঞাপন বি টি আৰ ই এম দাউবাইছা বড়োৰ।
বডোলেণ্ডৰ আতাইতকৈ প্ৰিয় খেল বুলিলে ফুটবল খেল । নৱ প্ৰজন্মৰ মাজত ফুটবলৰ প্ৰতিভা বিকাশৰ লগতে একতা অনাৰ লক্ষ্যৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োই প্ৰথম বাৰৰ বাবে চিইএম ফুটবল প্ৰতিযোগিতা বি টি আৰৰ ৪২০ টা ভিচিডিচিত আয়োজন কৰিছে। চিইএম ফুটবল কাপ ১.০ খেলৰ লগতে কোকৰাঝাৰৰ ৰাষ্ট্রীয় মহিলা ফুটবল খেলুৱৈ অপুৰ্না নাৰ্জাৰীৰ নাম দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰশংসা কৰিছে । তাৰবাবে প্ৰধানমন্ত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰে বি টি আৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োৱে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
