কোকৰাঝাৰ, ৩০ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত যোৱাকালি দেওবাৰে আবেলি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সজাগতা সভা।ঢোলমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত এই সজাগতা সভা। মদ, জুৱা, বাল্য বিবাহ বন্ধ আৰু দুৰ্নীতিৰ মুক্ত সমাজ গঢ় দিয়াৰ লক্ষ্যৰে এই সভা।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ঢোলমাৰা ডেওডোবাত ঢোলমাৰা আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সজাগতা সভা। মদ, জুৱা, বাল্য বিবাহ বন্ধ আৰু দুৰ্নীতিৰ মুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। উল্লেখ্য যে উক্ত অনুষ্ঠানত উপস্থিত থাকে বাউখংগুৰী সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ লগতে কোকৰাঝাৰ জিলা সমিতিৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি আৰু স্থানীয় ৰাইজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
