
ধেমাজি, ৩০ জুন (হি.স.): শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশ অবিৰত ৰাখিবলৈ ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ধেমাজি জিলাৰ প্ৰাথমিক পৰ্যায়ৰ (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ) ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক স্থৱিৰতা ৰোধ কৰা আৰু পাঠ্যপুথিৰ আধাৰত ব্যৱহাৰিক জীৱনৰ জ্ঞান আহৰণত সহায়ক হোৱাকৈ ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এলানি ক্ৰিয়াকলাপ প্ৰস্তুত কৰি উলিয়াইছে ।
ইং ৩০ জুন, ২০২৫ তাৰিখে সমগ্ৰ শিক্ষা ধেমাজিৰ নিৰ্দেশমৰ্মে জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয়তে অনুষ্ঠিত হ’বলগীয়া পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকৰ সামুহিক বৈঠকত অভিভাৱকৰ জৰিয়তে ক্ৰিয়াকলাপসমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰা হ’ব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
