
গুৱাহাটী, ২৯ জুন (হি.স.)। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে এটা গভাইত চোৰ। ধৃত চোৰটো বাক্সাৰ চামাদ আলি বুলি পৰিচয় পোৱা গৈছে। অলপতে বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বৃন্দাবন পথৰ জীয়া ডেকা নামৰ মহিলাগৰাকীৰ ঘৰত লুটপাত চলাই চুৰি কৰিছিল মূল্যৱান সোণৰ আ অলংকাৰকে ধৰি নগদ ধন।
মহিলাগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই আটক কৰে চুৰি সামগ্ৰীসহ গভাইত চোৰটোক। ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে সোণৰ চেইন, কাণফুলি, এখন সোণৰ আ-অলংকাৰ কঢ়িওৱা বেগকে ধৰি আন বহু মূল্যৱান চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
