নতুন দিল্লী, ২৯ জুন (হি স)। ঘৰুৱা অলংকাৰ বজাৰৰ হ্ৰাসৰ ধাৰা অব্যাহত আছে। আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫৫০ টকা হ্ৰাস পাই ৬০০ টকা হয়। অৱশ্যে আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্যৰ দুৰ্বলতাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৪২০ টকাৰ পৰা ৯৭,৫৭০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৩০০ টকাৰ পৰা ৮৯,৪৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজি ১,০৭,৮০০ টকাৰ স্তৰত আছে।
সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ অন্তত দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৩৩৩০ টকা পৰ্যন্ত হ্ৰাস পাইছে। একেদৰে ২২ কেৰেটৰ সোণো যোৱা এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ৩০৫০ টকাকৈ সস্তা হৈছে।
সোণৰ দৰে ৰূপতো সাপ্তাহিকভাৱে হ্ৰাস পোৱাৰ বলি হৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ পিছত ৰূপৰ মূল্য ২২০০ টকাকৈ সস্তা হৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৯৭,৫৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৪২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৩০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৪৭০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৮৯,৩৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৪২০ টকা আৰু ২২ কেৰেটৰ সোণ ৮৯,৩০০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৪২০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৮৯,৩০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ৯৭,৪৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৯,৩৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৭,৪২০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৩০০ টকাত বিক্ৰী হৈছে।
————-
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
