চিৰাং, ২৯ জুন (হি.স.): চিৰাং জিলাৰ বিজনী চহৰৰ গাতে লাগি থকা দেওকুৰা নদী খন মৃতপ্ৰায় অৱস্থা হৈ পৰিছে। বিজনী চহৰৰ লগতে গাতে লাগি থকা গাঁও সমূহৰ পানী ওলাই যোৱা দেওকুৰা নদী এতিয়া মৃতপ্ৰায় অৱস্থা।
বিভিন্ন জনৰ বেদখলৰ কৱলত বিজনীৰ দেওকুৰা নদী। ক্ৰমান্বয়ে এটা নলালৈ পৰ্যবসিত হৈছে দেওকুৰা নদী। এনে পৰিপ্ৰেক্ষিতত দেওকুৰা সংৰক্ষণ কমিটিয়ে দেওকুৰা নদীৰ পানী নিষ্কাশন কৰি নৈখনক সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে। এইক্ষেত্ৰত বিজনী চক্ৰ বিষয়াক কেবাবাৰো আবেদন কৰিৰ কথা উল্লেখ কৰিছে দেওকুৰা সংৰক্ষণ কমিটিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
