টেল আভিভ, ২৯ জুন (হি.স.)। হামাছৰ সৈতে হোৱা সংঘাতত ইজৰাইলে উল্লেখযোগ্য সফলতা লাভ কৰিছে। হামাছৰ সামৰিক শাখাৰ অন্যতম প্ৰতিষ্ঠাপক হাখাম মহম্মদ ইছা আল ইছাক ধৰাশায়ী কৰা বুলি দাবী কৰিছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে। ৭ অক্টোবৰত ইজৰাইলৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে আল ইছাক গণ্য কৰা হয়।
আইডিএফে শনিবাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য দি কয় যে তেওঁলোকে হাখাম মহম্মদ ইছা আল ইছাক হত্যা কৰিছে। আইডিএফৰ মতে, আল ইছা আছিল হামাছৰ সামৰিক শাখাৰ প্ৰতিষ্ঠাপক যিয়ে হামাছৰ শক্তি বৃদ্ধি, প্ৰশিক্ষণ প্ৰদান আৰু ৭ অক্টোবৰৰ হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। ইজৰাইলে নিজৰ উদ্দেশ্য স্পষ্ট কৰি কয় যে ৭ অক্টোবৰৰ আক্ৰমণৰ লগত জড়িত সকলো সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই নিঃশেষ কৰাৰ কৌশলত কাম কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
