বেংগালুৰু, ২৮ জুন (হি.স.)। বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ জয়ৰ পিছত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি) আনন্দ উদযাপনৰ সময়ত ঘটিত পদপিষ্ট গোচৰত তিনিজন আই পি এছ বিষয়াক নিলম্বন কৰাত অনুমোদন জনাইছে। এই ঘটনাত এঘাৰজন লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহু লোক আহত হয়।
এই শোকাৱহ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কৰ্তব্যত গাফিলতিৰ বাবে বেংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দ, উপ-আয়ুক্ত বিকাশ কুমাৰ আৰু শেখৰকে ধৰি তিনিজন জ্যেষ্ঠ আই পি এছ বিষয়াক নিলম্বন কৰে। ৰাজ্য চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰৰ প্ৰতিবেদন ডিপিআৰৰ জৰিয়তে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন বিবেচনা কৰি অনুমোদন জনাইছে।
বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হাজাৰ হাজাৰ অনুৰাগীৰ সমাগম ঘটিছিল আৰ চি বি দলৰ বিজয়ৰ উদযাপনৰ সময়ত। এই সময়তে হেঁচাথেলাৰ সৃষ্টি হয়, য’ত ১১ জন লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। ঘটনাৰ পিছতে এখন তদন্ত সমিতি গঠন কৰা হয় আৰু ইয়াৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে কৰ্তব্য অৱহেলাৰ কথা উল্লেখ কৰি উচ্চপদস্থ বিষয়াসকলক নিলম্বন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
