
গুৱাহাটী, ২৯ জুন (হি.স.)। কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে বিপুল পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য প্রদান কৰে৷
মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি গোপন তথ্যৰ ভিত্তিত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত জিলাখনৰ কাছাৰ জিলাৰ পৰা এক কেজি ১.১০৯ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইনৰ মূল্য ৫.৫৫ কোটি টকা বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত এনডিপিএছ ধাৰাত এফআইআৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
