কামৰূপ, ২৬ জুন(হি.স.)। আজি আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে ২০২৫ চনৰ ২৬ জুন তাৰিখে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত, কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় তথা ডিএডিকশ্বন কাম ৰিহেবিলিটেশ্বন কেন্দ্ৰৰ উদ্যোগত এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়।
গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ এনএছএছ আৰু এনচিচি গোটে সহযোগ আগবঢ়ায়। নিচা মুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত অনুষ্ঠানৰ লক্ষ্য আছিল ড্ৰাগছ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা আৰু সমাজত সজাগতা বৃদ্ধিৰ বাবে সামূহিক অংশগ্ৰহণৰ আহ্বান আৰু ড্ৰাগছ মুক্ত ভাৰত গঢ়াৰ প্ৰয়াস।
সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, অসমৰ যুটীয়া সঞ্চালক সুস্বপ্না কাকতি, জিএমচিএইচৰ সহকাৰী অধ্যাপক ডাঃ পুলাকেশ শৰ্মা আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ড.শান্তিময় বৰুৱা আৰু কেইবা গৰাকীও বিশিষ্ট মনোৰোগ বিশেষজ্ঞ উপস্থিত থাকে। তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন ভাষণসমূহে ড্ৰাগছ আসক্তিৰ মানসিক, শাৰীৰিক আৰু সামাজিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে, আৰু প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আগতীয়া হস্তক্ষেপৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানটোত বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অংগনবাদী কৰ্মী, আশা কৰ্মী, মূখ্যসেবীকা, আত্মসহায়ক গোটৰ সদস্যা, বিভিন্ন বেচৰকাৰী সংস্থাৰ কৰ্মীবৃন্দ, জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগত বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়েও সক্ৰিয় অংশগ্ৰহণৰ কৰে।
এই কাৰ্যসূচীয়ে শেষত এক শপত বাক্য পাঠ কৰোৱা হয় যাতে যুৱক-যুৱতী আৰু সম্প্ৰদায়ৰ অংশীদাৰ সকলক ড্ৰাগছ সেৱনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আৰু এখন সুস্থ সমাজ গঢ়ি তোলাৰ দিশত অৰিহণা যোগাবলৈ উৎসাহিত কৰাৰ এক অৰ্থপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
