ডেৰাডুন, ২৬ জুন (হি.স.)। ৰুদ্ৰপ্ৰয়াগৰ ঘোলতিৰ অঞ্চলৰ এজন টেম্পো ট্ৰেভেলাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বৃহস্পতিবাৰে পুৱা আলাকনন্দ নদীত বাগৰি পৰে। এই দুৰ্ঘটনাত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত ৮ জনক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত ১০ জন যাত্ৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে, উদ্ধাৰৰ কাম চলি আছে তেওঁলোকৰ অনুসন্ধানৰ বাবে। ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে।
জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন ৰাজৱাৰে জনোৱা মতে, টেম্পো ট্ৰেভেলাৰজন বদ্ৰীনাথ অভিমুখে গৈ থকা অৱস্থাত ঘোলতিৰ অঞ্চলত নিয়ন্ত্ৰণৰ বাহিৰ হৈ অলকনন্দ নদীত পৰি যায়। উদ্ধাৰকাৰী দলে তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰি আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ গৈছে। থিতাতে উদ্ধাৰ অভিযান অব্যাহত আছে। ঘটনাস্থলীত এছডিআৰএফ, আৰক্ষী বাহিনী আৰু স্থানীয় প্ৰশাসনৰ দলে সাহায্যৰ কামত নিয়োজিত হৈ আছে।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ৰুদ্ৰপ্ৰয়াগ জিলাত এজন টেম্পো ট্ৰেভেলাৰ নদীত পৰি যোৱাৰ খবৰটো অতি দুখজনক। যুদ্ধৰ ভিত্তিত এছডিআৰএফ আৰু অন্যান্য উদ্ধাৰকাৰী দলে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে। এই ক্ষেত্ৰত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো। সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
