ধুবুৰী, ২৬ জুন (হি.স.): ধুবুৰী জিলাৰ তামাৰহাট সোনালুৰডাবৰীত যোৱাকালি বুধবাৰে সন্ধিয়া এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। সোনালুৰডাবৰী বালাডোবা জলাশয়ত উদ্ধাৰ কৰা হয় অৰ্ধগলিত মৃতদেহটো।
লোকজনক কোনোবাই হত্যাকৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। মৃতদেহটো আনুমানিক ৩৫-৪০ বছৰীয়া মহিলাৰ বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত স্থানীয় ৰাইজে তামাৰহাট আৰক্ষীক খবৰ দিয়ে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
