
ধুবুৰী, ২৬ জুন (হি.স.): ধুবুৰী জিলাৰ সাপটগ্ৰাম আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। সাপটগ্ৰামৰ হেলাগাড়ীত ২৫ জুন তাৰিখে নিশা সাপটগ্ৰাম থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি মালাকাৰ আৰু ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰূপ কুমাৰ ৰায়ে হাতে লোটে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী এটাক। কাদেম আলী পাৰমানিক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে আনিছিল ড্ৰাগছ খিনি।
ড্ৰাগছ কঢ়িয়াই অনাৰ গোপন খবৰ ৰাণীগঞ্জ আৰু সাপটগ্ৰাম আৰক্ষীয়ে লাভ কৰি সাপটগ্ৰামৰ হেলাগাড়ীত হাতে -লোটে আটক কৰে কাদেম আলী পাৰমানিকক। সৰবৰাহকাৰী জনৰ পৰা তিনিটা চাবোনত ৩৯গ্ৰাম ড্ৰাগছ আৰু এটা মোবাইল ফোন জব্দ কৰে। পাৰমানিকে ড্ৰাগছ খিনি কোন সৰবৰাহকাৰীক দিব বিচাৰিছিল সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। ড্ৰাগছ সহ আটক কৰা পাৰমানিকৰ ঘৰ গোঁসাইগাওঁ থানাৰ অন্তৰ্গত ৰূপসীগাঁও বুলি জানিব পৰা গৈছে। সম্প্ৰতি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
