
ডিব্ৰুগড়, ২৬ জুন (হি.স.)। ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে দুলীয়াজানৰ এগৰাকী খেলুৱৈ। দুলীয়াজানৰ সাহিত্যৰথী জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ তথা দুলীয়াজানৰ ২ নং ৰঙাগড়া গাঁৱৰ সুশান্ত শইকীয়া আৰু সংগীতা শইকীয়াৰ পুত্ৰ সমন্বয় শইকীয়াই ৰাজ্যবাসীৰ লগতে দুলীয়াজানলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
২৩ জুনত কলকতাত ভাৰতীয় ৰ’লাৰ স্কেটিং ফেডাৰেছন উদ্যোগত অনুষ্ঠিত হোৱা ৯ম স্থানৰ ওপেন ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশিপ ২০২৫ত সমন্বয় শইকীয়াই এটা সোণৰ আৰু দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বাবে এই পদক পোন প্ৰথমবাৰৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ গৰাকীয়ে।
দুলীয়াজানৰ জয়ানগৰ খেলপথাৰত সঞ্জু দাসৰ তত্বাবধানত অনুশীলন কৰি সমন্বয় শইকীয়াৰ লগতে বহু খেলুৱৈ স্পীড স্কেটিং আৰু ৰ’লবলত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৰ’লবল প্ৰতিযোগিতাত দুলীয়াজান ছোৱালী দলটোৱে সোণৰ আৰু ল’ৰা দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
