নতুন দিল্লী, ২৫ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি এক্স হেণ্ডেলত ‘সংবিধান হত্যা দিৱস’ সন্দৰ্ভত নিজৰ আৱেগ প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ ক্ষমতাৰ ক্ষুধাৰ ‘অন্যায় সময়’ আছিল ‘জৰুৰীকালীন অৱস্থা’। ১৯৭৫ চনৰ ২৫ জুনত জাৰি কৰা জৰুৰীকালীন অৱস্থাত দেশবাসীয়ে ভুগি থকা যন্ত্ৰণা আৰু অত্যাচাৰৰ বিষয়ে নতুন প্ৰজন্মক সচেতন কৰিবলৈ মোডী চৰকাৰে এই দিনটোৰ নাম ‘সংবিধান হত্যা দিৱস’ নামেৰে নামাকৰণ কৰে।
তেওঁ লিখিছে, ‘এই দিনটোৱে আমাক কয় যে যেতিয়া ক্ষমতা একনায়কত্ববাদত পৰিণত হয় তেতিয়া জনসাধাৰণৰ হাতত তাক উফৰাই পেলোৱাৰ ক্ষমতা থাকে। জৰুৰীকালীন অৱস্থা কোনো ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা নাছিল বৰঞ্চ কংগ্ৰেছ আৰু এজন ব্যক্তিৰ গণতন্ত্ৰ বিৰোধী মানসিকতাৰ প্ৰতিফলন আছিল। প্ৰেছৰ স্বাধীনতাক দমন কৰা হৈছিল। ন্যায়পালিকাৰ হাত বান্ধি দিয়া হৈছিল আৰু সমাজ কৰ্মীক জেলত ভৰোৱা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লিখিছে, দেশবাসীয়ে ‘সিংহাসন খালী কৰক’ বুলি শ্লোগান দি একনায়কত্ববাদী কংগ্ৰেছক উফৰাই পেলালে। এই সংগ্ৰামত প্ৰাণ আহুতি দিয়া সকলো বীৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে কালি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ‘৫০ বছৰীয়া জৰুৰীকালীন’ কাৰ্যসূচীত অংশ লৈছিল। তেওঁ টুইটাৰত লিখিছে, “নতুন দিল্লীত জৰুৰীকালীন অৱস্থাৰ প্ৰাকক্ষণত ৫০ বছৰীয়া জৰুৰীকালীন কাৰ্যসূচীত জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া বীৰসকলক সন্মান জনোৱাৰ সৌভাগ্য মোৰ হৈছিল।”
এই উপলক্ষে শ্বাহে কয় যে যেতিয়া এজন ব্যক্তিৰ ভিতৰত লুকাই থকা একনায়কত্ববাদী স্বভাৱটো ওলাই আহে, তেতিয়াহে জৰুৰীকালীন অৱস্থা জাপি দিয়া হয়, আমাৰ যুৱ প্ৰজন্মৰ বাবে এই ইতিহাস জনাটো গুৰুত্বপূৰ্ণ। বহুদলীয় গণতন্ত্ৰক একদলীয় একনায়কত্ববাদলৈ ৰূপান্তৰিত কৰাৰ কংগ্ৰেছৰ ষড়যন্ত্ৰৰ আৰম্ভণি আছিল জৰুৰীকালীন অৱস্থা। জৰুৰীকালীন অৱস্থাৰ মূল কাৰণ আছিল ক্ষমতাৰ ক্ষুধা। দেশৰ প্ৰতি কোনো বাহ্যিক ভাবুকি নাছিল, কোনো আভ্যন্তৰীণ সংকটো নাছিল; একমাত্ৰ ভাবুকি আছিল ইন্দিৰা গান্ধীৰ চকীখনৰ প্ৰতি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
