নতুন দিল্লী, ২৫ জুন (হি.স.)। উদ্যোগপতি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (আৰআইএল)ৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ২০১৬ চনত ৰিলায়েন্স জিঅ’ৰ সৈতে টেলিকম উদ্যোগত প্ৰৱেশ কৰাৰ সিদ্ধান্তক তেওঁৰ জীৱনৰ ‘সৰ্বাধিক প্ৰত্যাহ্বান’ বুলি অভিহিত কৰিছে। তথাপিও তেওঁ ডিজিটেল ইণ্ডিয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত লৈছিল ।
গোলকীয় প্ৰৱন্ধন পৰামৰ্শ কোম্পানী (গ্ল’বেল মেনেজমেণ্ট কনচালটিং কোম্পানী) ‘মেককিনজি এণ্ড কোম্পানী’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুকেশ আম্বানীয়ে কয় যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ৪-জি মোবাইল নেটৱৰ্ক মুকলি কৰাৰ বাবে নিজৰ কোটি কোটি টকা বিনিয়োগ কৰিছে। একাংশ বিশ্লেষকে কয় যে ই আৰ্থিকভাৱে সফল নহ’বও পাৰে, কাৰণ ভাৰত অতি উন্নত ডিজিটেল প্ৰযুক্তিৰ বাবে সাজু নহয়। এই বিষয়ে মই মোৰ পৰিচালনা সমিতিক ক’লোঁ যে আটাইতকৈ বেয়া পৰিস্থিতি হ’ব যে আমি বেছি ‘ৰিটাৰ্ণ’ নাপাম। ৰিলায়েন্স হিচাপে এইটোৱেই হ’ব ভাৰতত এতিয়ালৈকে আমাৰ সৰ্ববৃহৎ দানশীল কাম, কাৰণ ভাৰতক ডিজিটেলাইজ কৰি আমি দেশখনক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিম।
এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ২০১৬ চনত জিঅ’ৰ প্ৰচলন হোৱাৰ পিছৰে পৰা জিঅ’ই বিনামূলীয়া ‘ভইচ কল’ আৰু অতি কম খৰচী ডাটা প্ৰদান কৰি ভাৰতীয় টেলিকম বজাৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে, যাৰ ফলত প্ৰতিযোগীসকলে মূল্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে আৰু সমগ্ৰ দেশতে দ্ৰুত ডিজিটেল গ্ৰহণৰ প্ৰসাৰ ঘটাইছে। তেওঁ ক’লে যে আমি বিশ্বাস কৰোঁ যে শেষত আপুনি একো নোহোৱাকৈ এই পৃথিৱীলৈ আহে আৰু একো নোহোৱাকৈয়ে গুচি যায়। আপুনি যি এৰি থৈ যায় সেয়া হৈছে এটা প্ৰতিষ্ঠান।
মুকেশ আম্বানীয়ে কয় যে জিঅ’ৰ আগমনৰ পূৰ্বে ভাৰতত মোবাইল ইন্টাৰনেট ব্যয়বহুল আছিল। ইয়াৰ আগমনৰ লগে লগে মূল্যৰ উঠা-নমা আৰম্ভ হয়, যাৰ ফলত তথ্যৰ খৰচ বহু পৰিমাণে হ্ৰাস পায়। গ্ৰাম্য আৰু বঞ্চিত অঞ্চলত বাস কৰা লোককে ধৰি লাখ লাখ ভাৰতীয়ৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ সুলভ হৈ পৰিল। ভাৰতত এতিয়া ৮০ কোটিৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে, যাৰ ফলত ই বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ অনলাইন বজাৰ হিচাপে পৰিগণিত হৈছে। ই-কমাৰ্চ, বিত্তীয় প্ৰযুক্তি, শিক্ষা প্ৰযুক্তি আৰু মনোৰঞ্জনৰ দৰে ডিজিটেল সেৱাৰ বৃদ্ধিৰ প্ৰসাৰ ঘটাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
