গোলাঘাট, ২৫ জুন (হি.স.): মেৰাপানীৰ চিবাংপাৰ গাঁৱৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী বিবাহিতা মহিলা। বিগত এসপ্তাহ ধৰি মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিওৱাব পৰা নাই স্বামী তথা আত্মীয় স্বজনে। বিগত ১৮ জুন তাৰিখে চিকিৎসালয়লৈ যাঁও বুলি ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই নিৰুপমা তামুলী বৰা নামৰ মহিলাগৰাকী।
ইফালে মাতৃৰ নিৰুদ্দেশৰ পাছত এতিয়া নাজল নাথল অৱস্থা হৈছে একমাত্ৰ চাৰি বছৰীয়া পুত্ৰ সন্তানটিৰ। ইতিমধ্যে স্থানীয় মেৰাপানী আৰক্ষী থানাত স্বামী অপূৰ্ব বৰাই পত্নীৰ সন্ধানহীন সন্দৰ্ভত এক জাননী দাখিল কৰাত মহিলাগৰাকীৰ মোবাইল ফোনৰ লোকেচন গুৱাহাটী মহানগৰীত ধৰা পৰিছে। স্বামী অপূৰ্ব বৰাই গুৱাহাটী মহানগৰীলৈ গৈ যথেষ্ঠ বিচাৰ খোচাৰ কৰিছে যদিও অদ্যপি পত্নীৰ সন্ধান উলিওলাব পৰা নাই। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পালে ৮৪৫৩৪ ১৪৪২৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোুধ জনাইছে স্বামী অপূৰ্ব বৰাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
