
তেহৰাণ/ৱাশ্বিংটন, ২৫ জুন (হি.স.)। ইৰাণৰ পাৰমাণৱিক শক্তি সংস্থা (এ ই অ’ আই)ই শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী নাকচ কৰি স্পষ্ট কৰি দিছে যে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী কোনো মূল্যৰ বিনিময়ত বন্ধ নহ’ব। মঙলবাৰে এ ই অ’ আইৰ মুখপাত্ৰই এক বিবৃতিত কয় যে ইৰাণে ইউৰেনিয়াম সমৃদ্ধি পুনৰ আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আৰু এই প্ৰক্ৰিয়া কোনো বাহ্যিক হেঁচাত নপৰে।
এ ই অ’ আইয়ে কয় যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে আৰু ই আমাৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু বৈজ্ঞানিক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক। আমি আমাৰ অধিকাৰৰ পৰা পিছুৱাই নাযাওঁ।
সংস্থাটোৱে আৰু কয় যে ইউৰেনিয়াম সমৃদ্ধিৰ প্ৰক্ৰিয়াটো আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ নিৰ্দেশনা অনুসৰি কৰা হ’ব, কিন্তু ৰাজনৈতিক হেঁচা বা চুক্তিৰ ভিত্তিত ইয়াক পৰিত্যাগ কৰা নহ’ব।
ইৰাণৰ এই প্ৰতিক্ৰিয়া সেই সময়ত আহিছিল যেতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ পদক্ষেপৰ বাবে ইৰাণে এতিয়া কেতিয়াও “বিশ্বৰ আটাইতকৈ মাৰাত্মক অস্ত্ৰ” অৰ্থাৎ পাৰমাণৱিক বোমা লাভ কৰিব নোৱাৰিব। এই দাবীৰ ভিত্তিত তেওঁ শান্তিৰ নোবেল বঁটাৰ বাবেও নিজকে মনোনীত কৰিছে।
আনহাতে, ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী কৰাটো ট্ৰাম্পে “ঐতিহাসিক কৃতিত্ব” বুলি অভিহিত কৰে। কিন্তু ইৰাণে এই যুদ্ধবিৰতিক “একপক্ষীয় আমেৰিকান অপপ্ৰচাৰ” বুলি অভিহিত কৰাই নহয়, ট্ৰাম্পৰ পাৰমাণৱিক দাবীক ৰাজনৈতিক লাভৰ বাবে ৰচনা কৰা মিত্থা আলাপ বুলিও অভিহিত কৰে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
