
হোজাই, ২৪ জুন (হি.স.)। লংকাৰ কাকীৰ এটা পৰিয়ালে দুৰ্ঘটনাগ্ৰস্ত এগৰাকী ব্যক্তিৰ চিকিৎসাৰ নামত ঘৰৰ লগতে ভেটিৰ মাটি বিক্ৰী কৰিও উহাদিহ নোপোৱা হৈছে। যাৰ বাবে আৰ্থিকভাবে ভাঙি পৰা পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ ভিক্ষা মাগিছে ।
প্ৰাপ্ত তথ্য়মতে, লংকাৰ কাকীৰ দেউবালীৰ গাঁৱৰ তপন দাস নামৰ ৩২ বছৰীয়া ব্যক্তিগৰাকী যোৱা ১১ জুন তাৰিখে এক দুৰ্ঘটনাত পতিত হয়। তাৰ পাছতেই পৰিয়ালৰ লোকে তপন দাসক হোজাই জিলা অসামৰিক চিকিৎসালয় লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই.চি. ইউ. খালি নথকাত তপনৰ পত্নীয়ে দিগবিদিক হেৰুৱায় এখন এম্বুলেন্সৰ জড়িয়তে গুৱাহাটীস্থিত কছমো মেডিকেল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
আনহাতে তপনৰ পত্নীয়ে স্বামীক বচাবলৈকে ঘৰৰ সমস্ত মাটি ভেটি বিক্ৰী কৰি ১৩ দিনৰ চিকিৎসাৰ নামত কচমো মেডিকেলত ৪,৫০,০০০টকা আদায় দিয়ে যদিও এতিয়াও প্ৰায় ৫ লক্ষাধিক ধন আদায় দিবলৈ আছে চিকিৎসালয় কৰ্তৃপক্ষক যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো। এতিয়া আৰ্থিকভাবে ভাঙি পৰা পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ ভিক্ষা মাগিছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
