নতুন দিল্লী, ২৩ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে (২৪ জুন) পুৱা প্ৰায় ১১ বজাত দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে তেওঁ সভাত ভাষণো আগবঢ়াব।
এই ঐতিহাসিক বাৰ্তালাপ ১৯২৫ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীৰ ভ্ৰমণৰ সময়ত শিৱগিৰি মঠত সংঘটিত হৈছিল। এই কথোপকথনত বৈকম সত্যগ্ৰহ, ধৰ্মান্তৰকৰণ, অহিংসা, অস্পৃশ্যতা বিলুপ্ত, মোক্ষ লাভ আৰু দলিতৰ উত্থান আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
শ্ৰী নাৰায়ণ ধৰ্ম সংগম ট্ৰাষ্টৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দেশৰ বিভিন্ন আধ্যাত্মিক নেতা আৰু অন্যান্য সদস্যসকলে একত্ৰিত হ’ব, ভাৰতৰ সামাজিক আৰু নৈতিক চেতনাক এতিয়াও গঢ় দিয়া দূৰদৰ্শী আলোচনাক স্মৰণ আৰু সন্মান জনোৱাৰ বাবে। এই অনুষ্ঠানটো শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীয়ে আগবঢ়োৱা সামাজিক ন্যায়, ঐক্য আৰু আধ্যাত্মিক সম্প্ৰীতিৰ ভাগ-বতৰা দৃষ্টিভংগীৰ প্ৰতি এক শক্তিশালী শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
