লণ্ডন, ২৩ জুন (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে সোমবাৰে ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়াক ‘হত্যাকাৰীৰ মিত্ৰজোঁট’ বুলি অভিহিত কৰি এই দেশসমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লণ্ডন ভ্ৰমণৰ সময়ত জেলেনস্কিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ আৰু ৰজা চাৰ্লছক সাক্ষাৎ কৰাৰ লগতে ইউক্ৰেইনৰ সৈন্যৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লয়।
ইৰাণ নিৰ্মিত শ্বহীদ ড্ৰোন আৰু উত্তৰ কোৰিয়াৰ বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি ৰাছিয়াই কিয়েভত আন এক বৃহৎ বিমান আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পিছতে জেলেনস্কিৰ এই ভ্ৰমণ। এই আক্ৰমণত কমেও ১০ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৫টা অট্টালিকাৰ ভয়াৱহ ক্ষতিসাধন হয়। জেলেনস্কিয়ে কয়, “আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কেইবাটাও ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল, কিন্তু সকলো বন্ধ কৰিব পৰা নাছিল।”
জেলেনস্কিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে যদিহে ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়াৰ হত্যাকাৰীৰ এই মিত্ৰজোঁটে এনেদৰে সন্ত্ৰাস বিয়পাই থাকে, তেন্তে এই দেশসমূহৰ চুবুৰীয়া দেশসমূহে নিজৰ নাগৰিকক সুৰক্ষা দিব পাৰিবনে নাই সেইটো চিন্তা কৰা উচিত।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক সমৰ্থন কৰি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ অংশীদাৰ বুলি অভিহিত কৰিছে তেহৰাণক। জেলেনস্কিয়ে আকৌ এবাৰ সোঁৱৰাই দিলে যে ১৯৯০ চনত ইউক্ৰেইনে আমেৰিকা, ব্ৰিটেইন আৰু ৰাছিয়াৰ পৰা নিৰাপত্তাৰ আশ্বাসৰ বিনিময়ত নিজৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী এৰি দিছিল যদিও এই নিশ্চয়তাসমূহৰ মাজতো ৰাছিয়াই ২০২২ চনত ইউক্ৰেইনৰ ওপৰত পূৰ্ণাংগ আক্ৰমণ চলাইছিল।
জেলেনস্কিৰ ব্ৰিটেইন ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ৰাছিয়াৰ বিৰুদ্ধে হেঁচা বৃদ্ধিৰ কৌশলৰ বিষয়ে আলোচনা কৰা। তেওঁ কয় যে আমি এই যুদ্ধ বন্ধ কৰাৰ বাবে আৰু ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা ফলপ্ৰসূ কৰাৰ বাবে শক্তিশালী পদক্ষেপৰ বিষয়ে কথা পাতিম।
ইফালে, এই সপ্তাহত হেগত অনুষ্ঠিত হ’বলগীয়া নাটোৰ সন্মিলনতো অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে জেলেনস্কিয়ে। তাত তেওঁ নাটোৰ মহাসচিব মাৰ্ক ৰুটেক লগ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে নাটো দেশসমূহৰ পৰা প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ দাবী জনোৱা ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁ মুখামুখিকৈ সাক্ষাৎ কৰিব নে নাই সেয়া স্পষ্ট হোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
