নতুন দিল্লী, ২৩ জুন (হি.স.)। ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণে বিশ্বৰ বজাৰত ব্যাপক প্ৰভাৱ পেলাইছে। সপ্তাহৰ শেষৰ ফালে ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ চলোৱাৰ পিছত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ২ শতাংশতকৈ অধিক বৃদ্ধি পাই প্ৰতি বেৰেলত প্ৰায় ৮০ ডলাৰ হৈছেগৈ। আগন্তুক সময়ত ইয়াৰ ফলত ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্যত ব্যাপক প্ৰভাৱ পৰিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰাৰম্ভিক ব্যৱসায়ৰ সময়ত খাৰুৱা তেলৰ মূল্য ২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১.৯২ ডলাৰ অৰ্থাৎ ২.৪৯ শতাংশ জপিয়াই প্ৰতি বেৰেলত ৭৮.৯৩ ডলাৰত উপনীত হয়। পশ্চিম টেক্সাছৰ মধ্যমীয়া খাৰুৱা তেল (ডব্লিউটিআই) ১.৮৯ ডলাৰ অৰ্থাৎ ২.৫৬ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৭৫.৭৩ ডলাৰ হৈছেগৈ।
বিশেষজ্ঞসকলে কয় যে শেহতীয়াকৈ আমেৰিকাৰ বিমান আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইৰাণৰ সংসদে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে। যদি ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰে তেন্তে ইয়াৰ প্ৰভাৱ পৰিব পাৰে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত। আচলতে খাৰুৱা তেলৰ ব্যৱসায়ৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পথ। এই খবৰৰ পিছত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৮০ ডলাৰলৈ বৃদ্ধি পাইছে।
ৰাজধানী নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৪.৭২ টকা, মুম্বাইত ১০৪.২১ টকা, কলকাতাত ১০৩.৯৪ টকা আৰু চেন্নাইত ১০০.৭৫ টকা প্ৰতি লিটাৰ। একে সময়তে দিল্লীত ডিজেলৰ মূল্য ৮৭.৬২ টকা, মুম্বাইত ৯২.১৫ টকা, কলকাতাত ৯০.৭৬ টকা আৰু চেন্নাইত প্ৰতি লিটাৰৰ মূল্য ৯২.৩৪ টকা। যদিও ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে এতিয়াও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা নাই, কিন্তু খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ’লে তেল কোম্পানীসমূহে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলগীয়া হ’ব পাৰে, কাৰণ ভাৰতে নিজৰ খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ অংশ আমদানি কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
