• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অম্বুবাচী মহাযোগ-২০২৫ উথপথপ শক্তিপীঠ কামাখ্যা ধাম
Regional

অম্বুবাচী মহাযোগ-২০২৫ উথপথপ শক্তিপীঠ কামাখ্যা ধাম

CliQ INDIA
Last updated: June 23, 2025 11:25 pm
CliQ INDIA
Share
4 Min Read
SHARE
অম্বুবাচী মহাযোগ-২০২৫ উথপথপ শক্তিপীঠ কামাখ্যা ধাম

-আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

-সম্পূৰ্ণ আধ্যাত্মিকভাৱে তথা শৃখলাবদ্ধতা বজাই ৰাখি মা কামাখ্যাৰ আৰ্শীবাদৰে জীৱন ধন্য কৰিবলৈ ভক্ত আৰু পৰ্যটকসকলক পৰ্যটন মন্ত্ৰী দাসৰ আহ্বান

গুৱাহাটী, ২৩ জুন (হি.স.)। ৰাজধানী গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত বিশ্ববিখ্যাত শক্তিপীঠ কামাখ্যা ধামত প্ৰতি বছৰৰ দৰে এইবাৰো আধ্যাত্মিক তথা জাকজমকতাৰে অম্বুবাচী মেলা আৰম্ভ হৈছে। এই উপলক্ষে দেশ-বিদেশৰ পৰা লাখ লাখ ভক্তই কামাখ্যা ধামত উপস্থিত হৈ মাতৃৰ আশীৰ্বাদ বিচাৰে। ইতিমধ্যে দেশ বিদেশৰ পৰা বিভিন্ন বেশধাৰী ভক্তসকলে কামাখ্যা ধাম তথা ইয়াৰ ওচৰে পাজৰে অৱস্থান গ্ৰহণ কৰিছে আৰু এই প্ৰক্ৰিয়া অব্যাহত আছে। এইবাৰ ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। এই উপলক্ষে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীৰ পাণ্ডু প’ৰ্টত দেওবাৰে আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অম্বুবাচী মহাযোগ -২০২৫ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

অম্বুবাচী মহাযোগ উদ্বোধন কৰি প্ৰদান কৰা বক্তব্যত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অম্বুবাচী মহাযোগৰ ধৰ্মীয় তথা আধ্যাত্মিক তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিয়ম তথা শৃংখলাবোধ বজাই ৰাখি মাৰ আৰ্শীবাদেৰে ধন্য হোৱাৰ আহ্বান জনায় যাতে এই মহাযোগৰ সময়ত সমবেত হোৱা অগণন স্থানীয় তথা দেশী-বিদেশী ভক্ত আৰু পৰ্যটকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়। তেওঁ লগতে স্থানীয় জনসাধাৰণক সম্পূৰ্ণ আতিথ্যৰ মনোভাৱেৰে বাহিৰৰ পৰা অহা তীৰ্থযাত্ৰীসকলক সহায় -সহযোগ কৰাৰ আহ্বান জনায়। পৰ্যটন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সু-সমন্বয়ত এইবাৰৰ অম্বুবাচী মহাযোগ যাতে সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আধ্যাত্মিকভাৱে পালন কৰিব পৰা যায় তাৰ বাবে বিভিন্ন ব্যৱস্থাপনা কৰা হৈছে বুলি কৈ অম্বুবাচী মহাযোগক সমগ্ৰ দেশৰ এক পৱিত্ৰ উৎসৱ বুলি তেওঁ কয় আৰু এই মহাযোগত বাহিৰৰ পৰা অহা ভক্তসকলক উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ স্থানীয় জনসাধাৰণক আহ্বান জনায়।

উল্লেখযোগ্য যে এই অম্বুবাচী মহাযোগত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাৱেশ ঘটে। বিগত ২০২২ চনত এই মহাযোগৰ সময়ত ৪ লাখ ৩২ হাজাৰৰ ওপৰত,২০২৩ চনত ৬ লাখ ৮২ হাজাৰ, ২০২৪বৰ্ষত প্ৰায় ৭ লাখ ৫০হাজাৰ আৰু এই বৰ্ষতো কেইবা লাখ ভক্তৰ সমাৱেশ হ’ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে অগণন ভক্তৰ ইয়াত সমাৱেশ হৈছে আৰু কামৰূপ জিলা প্ৰশাসনকে ধৰি বহু বিভাগৰ সুমন্বয়ত ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থাপনা গঢ়ি তোলা হৈছে। অম্বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগেও ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰণাম নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰে’ল ষ্টেচন, পাণ্ডু প’ৰ্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত মুঠ ৫ টা আদৰণি কক্ষ স্থাপন কৰিছে। ইয়াৰ লগতে কামাখ্যা মন্দিৰৰ সমীপৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা সমূহৰ উদ্যোগতো স্বেচ্ছাসেৱক নিয়োজিত কৰা হৈছে।

অসম ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত কামাখ্যা মন্দিৰ দলৈ সমাজৰ বৰ দলৈ কৱিন্দ্ৰ প্ৰসাদ শৰ্মা,সৰু দলৈ হিমাদ্ৰী শৰ্মা,গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়েও অম্বুবাচী মহাযোগৰ মাহাত্ম্য আৰু তাৎপৰ্য সামৰি বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া,অসম ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ কুমাৰ দাস, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ড০পাৰ্থসাৰথি মহন্ত, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱান,অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকীকে প্ৰমূখ্য কৰি বহু গণ্য-মান্য ব্যক্তি আৰু ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ধুবুৰীত পিছ পৰিছে এআইইউডিএফৰ প্ৰাৰ্থী তথা তিনিবাৰৰ সাংসদ মৌলানা আজমল
ভাৰত বাংলাদেশ সীমান্ত কালিৰ আলগা আৰু কোকৰাডাংঙাত অব্যাহত ব্যাপক গৰাখহনীয়া
লাভ জেহাদৰ বলি কিশোৰীক ৰঙিয়াত উদ্ধাৰ
দক্ষিণ কামৰূপৰ জাওকাটাদিয়াৰ কলহী নৈত অবৈধ খননকাৰ্যৰ অভিযোগ
ধিঙৰ কটহগুৰি অঞ্চলত ধুমুহাই তচনচ কৰিলে ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু গছ-গছনি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বলিদান দিৱসত শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই
Next Article সমালোচকক যশপ্ৰীত বুমৰাহৰ উপযুক্ত উত্তৰ, ক’লে- মই নিজৰ পথ নিজেই সিদ্ধান্ত লওঁ, মানুহে কোৱা কথাৰ দ্বাৰা নহয়
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?