চিয়াং মাই (থাইলেণ্ড), ২২ জুন (হি.স.)। থাইলেণ্ডৰ চিয়াং মাইত ভাৰতীয় ছিনিয়ৰ ফুটবল মহিলা দলে সোমবাৰৰ পৰা এ এফ চি মহিলা এছিয়ান কাপ অষ্ট্ৰেলিয়া ২০২৬ৰ কোৱালিফায়াৰ অভিযান আৰম্ভ কৰিব। দলটোৱে মংগোলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।
এই বৃহৎ প্ৰতিযোগিতাখন যোৱা কেইবাবছৰ ধৰি ব্লু টাইগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক হৈ পৰিছে। ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ২০০৩ চনত এ এফ চি মহিলা এছিয়ান কাপত স্থান লাভ কৰিছিল। একে সময়তে ২০২২ চনত প্ৰতিযোগিতাখন আয়োজন কৰাৰ সময়ত কোভিড-১৯ৰ ৰোগী আৰু আঘাতৰ বাবে দলটোৱে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল। এনে পৰিস্থিতিত ১৬ জুনত যেতিয়া মুখ্য প্ৰশিক্ষক ক্ৰীস্পিন ছেত্ৰী আৰু দলটোৱে থাইলেণ্ডত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে কোৱালিফায়াৰৰ জৰিয়তে এ এফ চি মহিলা এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰা।
ভাৰতীয় দলটোৱে কোৱালিফায়াৰৰ গ্ৰুপ বিত আছে, য’ত সোমবাৰে মংগোলিয়াৰ বিৰুদ্ধে, তাৰ পিছত ২৯ জুনত টিমৰ লেষ্টে, ২ জুলাইত ইৰাকৰ বিৰুদ্ধে আৰু ৫ জুলাইত থাইলেণ্ডৰ বিৰুদ্ধে খেলিব। গ্ৰুপ বিজয়ী দলটোৱে ২০২৬ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব । এ এফ চি মহিলা এছিয়ান কাপ ২০২৬ ফিফা মহিলা বিশ্বকাপ ব্ৰাজিল ২০২৭ৰ বাবেও কোৱালিফায়াৰ হিচাপে কাম কৰিব।
থাইলেণ্ডৰ বাহিৰে ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও গ্ৰুপ বিৰ আন তিনি প্ৰতিদ্বন্দ্বী দলৰ মুখামুখি হোৱা নাই।
অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে জাৰি কৰা এক বিবৃতিত মুখ্য প্ৰশিক্ষক ক্ৰীস্পিন ছেত্ৰীয়ে কয়, মংগোলিয়া, টিমৰ লেষ্টে আৰু ইৰাকৰ বিষয়ে আমাৰ হাতত বিশেষ তথ্য নাই। শেহতীয়াকৈ তেওঁলোকে কোনো মেচ খেলা নাই। থাইলেণ্ডৰ বিষয়ে আমি অলপ জানো।
তেওঁ আৰু কয় যে মই ভাবো যে আগতে চিয়াং মাইলৈ অহাটোৱে আমাক বতৰৰ পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ আৰু সময়ৰ পাৰ্থক্যৰ লগত খাপ খুৱাবলৈ বহুত সহায় কৰিছে। ইয়াৰ বতৰ বেংগালুৰুতকৈ অলপ বেছি আৰ্দ্ৰ। প্ৰশিক্ষণ ক্ষেত্ৰখন অতি ভাল আৰু আগন্তুক খেলসমূহৰ বাবে আমি ভালদৰে সাজু হৈ আছো।
ভাৰতীয় দল-
গ’লৰক্ষক : এলাংবাম পান্থোই চানু, মইৰাংথেম মনালিছা দেৱী, পয়াল বাসুদে।
ডিফেণ্ডাৰ : হেমাম ছিলকি দেৱী, কিৰণ পিছদা, মাৰ্টিনা থকচোম, ঙাংবাম চুইটি দেৱী, ফাঞ্জুবাম নিৰ্মলা দেৱী, পূৰ্ণিমা কুমাৰী, সঞ্জু, সোৰোখাইবাম ৰঞ্জনা চানু।
মিডফিল্ডাৰ : অঞ্জু তামাং, গ্ৰেচ ডাংমেই, কাৰ্তিকা অংগমুথু, নংমাইথেম ৰত্নাবালা দেৱী, প্ৰিয়দৰ্শিনী চেল্লাদুৰাই, সংগীতা বাছফৰ।
ফৰৱাৰ্ড : লিণ্ডা কম চেৰটো, মালাবিকা পি, মনীষা কল্যাণ, প্যাৰী শাশা, ৰিম্পা হাল্ডাৰ, সৌম্যা গুগুলোথ।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
