
ধুবুৰী, ২২ জুন (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত আটক কৰা হৈছে এগৰাকী বাংলাদেশী যুৱক। নিজ প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে ৰইজে আটক কৰি গতাই দিয়ে গৌৰীপুৰ আৰক্ষীৰ হাতত।
প্ৰাপ্ত তথ্য়মতে, গৌৰীপুৰ দাৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে গঢ়ি উঠে দুয়োৰে মাজত প্ৰেম সম্পৰ্ক। পিছে যুৱতী গৰাকীক পলুৱাই নিয়াৰ বাবে বাংলাদেশৰ পৰা আহি উপস্থিত হয় গৌৰীপুৰত। যুৱতী গৰাকীক পলুৱাই নিয়াৰ সময়তে প্ৰত্যেক কৰে স্থানীয় ৰাইজে। পিছে সোধ- পোচ কৰাৰ পিছত বাংলাদেশী বুলি পৰিচয় ওলায় যুৱক গৰাকীৰ। যুৱকজন বাংলাদেশৰ ফুলগাজী ফেনী জিলাৰ পশ্চিম বসন্তপুৰৰ অঞ্চলৰ ৰিত্তিক চন্দ্ৰ পাল বুলি পৰিচয় পোৱা যায়।
পিছত ৰাইজে গৌৰীপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ যুৱক জনক থানালৈ আনে। বৰ্তমানে যুৱক জন গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আছে। পৰবৰ্তী সময়ত আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হৈ পৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
