নতুন দিল্লী, ২২ জুন (হি.স.)। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে কানাডাৰ ক্ৰিকেট দলটোৱে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অফিচিয়েল ৱেবছাইট অনুসৰি আমেৰিকাছ কোৱালিফায়াৰৰ আয়োজক দলটোৱে বাহামাৰ বিৰুদ্ধে জয়লাভ কৰি প্ৰতিযোগিতাখনত নিজৰ স্থান নিশ্চিত কৰে, যিটো বৰ্তমানৰ অভিযানত একেৰাহে পঞ্চমটো জয়।
আইচিচিৰ ৱেবছাইট অনুসৰি কালিম ছানা আৰু শিৱম শৰ্মাই তিনিটাকৈ উইকেট দখল কৰি কানাডাই বাহামাছক মাত্ৰ ৫৭ ৰানত বাণ্ডিল আউট কৰাত সহায় কৰে। ইয়াৰ পিছত এই সৰু লক্ষ্য কানাডাৰ বেটছমেনসকলে মাত্ৰ ৫.৩ অভাৰত ৩ উইকেট হেৰুৱাই অৰ্জন কৰে। কানাডাৰ বেটছমেন দিলপ্ৰীত বাজৱাই ১৪টা বলত অপৰাজিত ৩৬ ৰান সংগ্ৰহ কৰে।
যোৱা বছৰ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পিছত কানাডাই কোৱালিফায়াৰলৈ আগবাঢ়ি যোৱাৰ অন্যতম প্ৰিয় দল হিচাপে উপস্থিত হয়।
নিকোলাছ কিৰ্টনৰ নেতৃত্বত কানাডাৰ দলটোৱে বাৰ্মুডাৰ বিৰুদ্ধে ১১০ ৰানৰ ডাঙৰ জয়ৰে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত কেমেন দ্বীপপুঞ্জৰ বিৰুদ্ধে ৫৯ ৰানত জয়লাভ কৰে। তাৰ পিছত পৰৱৰ্তী মেচত বাহামাছক ১০ উইকেটত পৰাস্ত কৰে। চতুৰ্থখন মেচত কেমেন দ্বীপপুঞ্জৰ বিৰুদ্ধে আৰামদায়ক জয় পঞ্জীয়ন কৰে। এতিয়া পঞ্চমখন মেচত একেৰাহে জয় পঞ্জীয়ন কৰি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে নিজৰ স্থান নিশ্চিত কৰিছে।
২০টা দলৰ এই ইভেণ্টত ইতিমধ্যে যোগ্যতা অৰ্জন কৰা ১০টা দলৰ তালিকাত এতিয়া যোগদান কৰিছে কানাডাই। ইয়াৰ লগতে সহ-আয়োজক ভাৰত আৰু শ্ৰীলংকাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আন আন যোগ্যতা অৰ্জনকাৰী দলসমূহৰ ভিতৰত আছে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰু পাকিস্তান।
এতিয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে ৭টা দল। ইয়াৰে ইউৰোপ কোৱালিফায়াৰ (৫-১১ জুলাই), আফ্ৰিকা কোৱালিফায়াৰৰ দুটা দল (১৯ ছেপ্টেম্বৰ – ৪ অক্টোবৰ) আৰু এছিয়া-ইএপি কোৱালিফায়াৰৰ পৰা তিনিটা দলে (১-১৭ অক্টোবৰ) পুৰুষৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
