কুৱালালামপুৰ, ২২ জুন (হি.স.)। মালয়েছিয়াৰ জোহৰ ৰাজ্যৰ পাছিৰ গুডাং চহৰৰ এটা ঔদ্যোগিক অঞ্চলত অৱস্থিত ইঞ্জিন তেল সংৰক্ষণ কেন্দ্ৰ আৰু ট্ৰাক ডিপোত শনিবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। ধোঁৱাৰ বিশাল ডাৱৰে সমগ্ৰ অঞ্চলটো আবৰি ৰখাৰ লগতে ওচৰৰ আৱাসিক অঞ্চলসমূহ খালী কৰিবলগীয়া হোৱাৰ পৰাই জুইৰ পৰিমাণ অনুমান কৰিব পাৰি।
জোহৰ অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ বিভাগৰ অপাৰেচন চেণ্টাৰৰ মতে, তেওঁলোকে দুপৰীয়া (স্থানীয় সময়)ত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ লগে লগে ট্ৰাক ডিপোটোত জুইৰ শিখা দ্ৰুতগতিত বিয়পি পৰিছিল আৰু প্ৰচণ্ড বতাহৰ বাবে জুইয়ে ওচৰৰ পৰিত্যক্ত তেল মজুত ইউনিটলৈ বিয়পি পৰিছিল।
বাৰ্নামা (মালয়েছিয়ান নেচনেল নিউজ এজেন্সী)ৰ এক প্ৰতিবেদন অনুসৰি প্ৰায় ৫০ মিটাৰ দূৰত্বত অৱস্থিত আৱাসিক অঞ্চলতো জুই লাগিছিল, যাৰ ফলত তাত বাস কৰা লোকসকলক তৎক্ষণাত নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছিল।
বৰ্তমান কোনো লোকৰ মৃত্যু হোৱা নাই আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে যুদ্ধৰ ভিত্তিত প্ৰচেষ্টা চলাইছে। কাষৰীয়া ৰাইজক ধৈৰ্য্য বজাই ৰাখিবলৈ আৰু নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে বিষয়াসকলে।
অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে। পৰিস্থিতি নিৰীক্ষণ কৰি জনসাধাৰণৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰশাসনে আশ্বাস দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
