কাঠমাণ্ডু, ২১ জুন (হি.স.)। ভাৰতে যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা স্বদেশলৈ উভতি অহাত ভাৰতীয় নাগৰিকৰ লগতে নেপাল আৰু শ্ৰীলংকাৰ নাগৰিককো সহায় কৰিব। নেপাল আৰু শ্ৰীলংকা চৰকাৰৰ অনুৰোধত ভাৰতে এই দেশসমূহৰ নাগৰিকসকলক ঘৰলৈ উভতি অহাত সহায় কৰাৰ বিষয়ে অৱগত কৰিছে। ইৰাণৰ ৰাজধানী তেহৰাণত থকা ভাৰতীয় দূতাবাসে নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকক দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ অনুৰোধ জনাইছে।
ভাৰতীয় দূতাবাসে নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকসকলৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ জাৰি কৰি তেওঁলোকৰ সবিশেষ তৎকালীনভাৱে দিবলৈ কয়। ভাৰতীয় দূতাবাসে এক্স হেণ্ডেলত জৰুৰীকালীন নম্বৰ জাৰি কৰি নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকক দূতাবাসৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ প্ৰকৃত অৱস্থাৰ তথ্য দিবলৈ কয়।
ইৰাণৰ যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা নিজৰ নাগৰিকক উলিয়াই আনি নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতে অপাৰেচন সিন্ধু আৰম্ভ কৰিছে। ইয়াৰ অধীনত ভাৰতে এতিয়া চুবুৰীয়া দেশৰ নাগৰিকক ঘৰলৈ উভতি অহাত সহায় কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
