• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভূটীয়াক কল্যাণ চৌবেৰ প্ৰত্যুত্তৰ : ভুতিয়াই ইচ্ছাকৃতভাৱে এআইএফএফৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল
Sports

ভূটীয়াক কল্যাণ চৌবেৰ প্ৰত্যুত্তৰ : ভুতিয়াই ইচ্ছাকৃতভাৱে এআইএফএফৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল

CliQ INDIA
Last updated: June 21, 2025 4:15 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২১ জুন (হি.স.)। ভাৰতীয় প্রাক্তন অধিনায়ক বাইচুং ভূটিয়াই শেহতীয়াকৈ উত্থাপন কৰা অভিযোগৰ সন্দর্ভত শুকুৰবাৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেয়ে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰে ৷ তেওঁ ভূটীয়াৰ বক্তব্যক ভিত্তিহীন আৰু সংগঠনৰ ভাবমূর্তি কলংকিত বুলি অভিহিত কৰে ৷

উল্লেখযোগ্য যে শুকুৰবাৰে কলিকতা স্প’ৰ্টছ জাৰ্নেলিষ্ট ক্লাবত এখন সংবাদমেলৰ সময়ত বাইচুং ভূটিয়াই কল্যাণ চৌবেৰ বিৰুদ্ধে এআইএফএফত নিজৰ পদবীক ৰাজনৈতিক লাভালাভৰ বাবে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল, এয়া প্ৰথমবাৰৰ বাবে এআইএফএফৰ সভাপতিয়ে ৰাজনৈতিক লাভালাভৰ বাবে বিৰোধী নেতাক পদৰ প্ৰস্তাৱ দিছে। ইয়াৰ ফলত এআইএফএফৰ সভাপতি পদৰ মৰ্যাদা হ্ৰাস পোৱাই নহয়, তেওঁৰ দলৰ ভাবমূৰ্তিও কলংকিত হৈছে।

ভূতিয়াই আৰু কয় যে ২০২২ চনত অনুষ্ঠিত হোৱা এআইএফএফৰ নিৰ্বাচনৰ সময়ত চৌবেক সমৰ্থন কৰাসকলে এতিয়া অনুশোচনা কৰিছে। আগন্তুক নিৰ্বাচন ন্যায্য আৰু ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ’লে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও বিবেচনা কৰিব পাৰে বুলিও তেওঁ ইংগিত দিয়ে।

এআইএফএফ আৰু ইয়াৰ বিপণন অংশীদাৰ এফএছডিএল (ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেড)ৰ মাজত হোৱা মাষ্টাৰ ৰাইটছ এগ্ৰিমেণ্টৰ আলোচনাক সমালোচনা কৰি ভুটিয়াই কয় যে, যিসকলে এফএছডিএলৰ সৈতে মোকাবিলা কৰিবলৈ ওলাইছে, তেওঁলোক মাত্ৰ চাহ-পিজ্জা খাই ঘূৰি আহিছে। তেওঁলোকে নিজেই নাজানে যে তেওঁলোকে এই প্ৰস্তাৱত কি আগবঢ়াইছে।

লগতে প্ৰাক্তন গ’লৰক্ষক সুব্ৰত পলক ৰাষ্ট্ৰীয় দলৰ পৰিচালক হিচাপে নিযুক্তি দিয়া আৰু প্ৰশিক্ষক মানোলো মাৰ্কেজৰ ওপৰত তেওঁৰ নিৰীক্ষণক হাস্যকৰ বুলি অভিহিত কৰে।

তেওঁ কয়, আপুনি এজন সফল প্ৰশিক্ষক আনি তাৰ পিছত তেওঁক নিৰীক্ষণ কৰিবলৈ এজন খেলুৱৈ ৰাখে, সেয়া সেই প্ৰশিক্ষকৰ অপমান।

ওচিআই (বিদেশত বাস কৰি থকা ভাৰতীয় নাগৰিক) খেলুুৱৈক দলে চামিল কৰাৰ সম্পৰ্কত ভূতিয়াই কৈছিল যে এই চিন্তাধাৰা নৱীন নহয় আৰু আগেয়ে বেছি চেষ্টা কৰা হৈছে, কিন্তু এইটো চৰকাৰী নীতিৰ ওপৰত নিৰ্ভৰ কৰে।

তেওঁ কয়, যোৱা তিনি বছৰত কল্যাণ চৌবেয়ে এই দিশত কোনো প্ৰচেষ্টা চলাব পৰা নাছিল আৰু এতিয়া হঠাতে তেওঁ অ’চিআইৰ কথা ক’বলৈ আৰম্ভ কৰিছে। এয়া মাত্ৰ তেওঁৰ ব্যৰ্থতা লুকুৱাবলৈ কৰা প্ৰচেষ্টা।

এআইএফএফৰ সভাপতি চৌবেৰ প্ৰত্যুত্তৰ

বাইচুঙৰ এই অভিযোগৰ পিছতে এআইএফএফৰ সভাপতি কল্যাণ চৌবেয়ে আনুষ্ঠানিক বিবৃতি জাৰি কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, আমি এনে এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ য’ত প্ৰতিজন নাগৰিকৰ মত প্ৰকাশৰ স্বাধীনতা আছে। এ আই এফ এফৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে ভূটীয়াই সভাত নিজৰ মতামত প্ৰকাশ, পৰামৰ্শ দিয়াৰ আৰু গঠনমূলক অৱদান আগবঢ়োৱাৰ মঞ্চ লাভ কৰিছে।

চৌবেয়ে কয় যে ২০২২ চনৰ ছেপ্টেম্বৰৰ নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা ভূটিয়াই ধাৰাবাহিকভাৱে ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে আৰু এআইএফএফৰ ভাবমূৰ্তি ভুলকৈ উপস্থাপন কৰি আহিছে।ইয়াৰ ফলত সংগঠনটোৰ সুনামৰ ক্ষতি হোৱাই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতীয় ফুটবলৰ বিশ্বাসযোগ্যতাও প্ৰভাৱিত হৈছে।

তেওঁ আৰু কয় যে, “এআইএফএফ সদায় ভূটিয়াৰ পৰামৰ্শৰ প্ৰতি আগ্ৰহী হৈ আহিছে যদিও দুৰ্ভাগ্যজনক যে কাৰ্যনিৰ্বাহক সমিতিৰ বেছিভাগ বৈঠকতে তেওঁৰ গুৰুত্ব কেৱল বিৰোধিতা কৰাতহে আছিল, সুনিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপন কৰাত নহয়।”

ভৱিষ্যতে উচ্চতম ন্যায়ালয়ে এআইএফএফৰ নতুন সংবিধান সন্দৰ্ভত ৰায় দিয়াৰ সম্ভাৱনা আছে, তাৰ পিছত ফেডাৰেচনত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে। এনে পৰিস্থিতিত ভাৰতীয় ফুটবলৰ শাসকীয় সংস্থাত পুনৰ এবাৰ ৰাজনৈতিক উত্তাপ দেখা যায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হৈ থাকিব ভিভিএছ লক্ষ্মণ | BulletsIn
এছেছৰ বাবে প্ৰস্তুতি চলাবলৈ ভাৰতৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ পৰা বাহিৰ ট্ৰেভিছ হেড
SRH vs RR: ৰাজস্থানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়ৰ বিষয়ে ভুৱনেশ্বৰ কুমাৰে কয়, ফলাফলক লৈ মই চিন্তিত নহয়…
পেৰিছ মাষ্টাৰছঃ ১ নং স্থানৰ দৌৰত আগবাঢ়িছে ছিনাৰ, ছেমিফাইনেলত ঝভেৰেভৰ মুখামুখি
১৭ৰ পৰা ২২ জুলাইলৈ বীৰাংগনাৰ ভূমিত হকী প্ৰতিযোগিতা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিলচৰত ৫ কোটিৰো অধিক মূল্যৰ চোৰাং সামগ্ৰী জব্দ
Next Article ‘পঞ্চায়ত’ৰ খ্যাত অভিনেত্ৰীৰ উদ্যোগটোত ‘বাহিৰৰ মানুহ’ হোৱাৰ বাবে আক্ষেপ ব্যক্ত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?