পেৰিছ/নতুন দিল্লী, ২১ জুন (হি.স.)। ভাৰতৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পুনৰবাৰ বিশ্ব মঞ্চত নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। পেৰিছৰ চাৰ্লেট ষ্টেডিয়ামত অনুষ্ঠিত ডাইমণ্ড লীগ মিটত শুকুৰবাৰে (শনিবাৰে ভাৰতীয় সময় অনুসৰি) সুন্দৰ প্ৰদৰ্শনেৰে দুবছৰৰ পিছত প্ৰথমবাৰৰ বাবে ডাইমণ্ড লীগ খিতাপ দখল কৰে।
নীৰজে নিজৰ প্ৰথম প্ৰচেষ্টাত ৮৮.১৬ মিটাৰ জেভেলিন নিক্ষেপ কৰি অগ্ৰগতি লাভ কৰে, যিটো শেষলৈকে থাকিল আৰু তেওঁক বিজয়ী ঘোষণা কৰা হয়। এইটো আছিল তেওঁৰ ছিজনৰ দ্বিতীয়টো ডাইমণ্ড লীগ ইভেণ্ট। ইয়াৰ পূৰ্বে মে’ মাহত তেওঁ দোহাত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল, যিটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনো আছিল।
ইফালে ডোহা ডাইমণ্ড লীগ আৰু পোলেণ্ডৰ জানুছ কুচিনস্কি মেম’ৰিয়েলত নীৰজক পৰাস্ত কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰে এইবাৰ ৮৭.৮৮ মিটাৰ দূৰত্বৰে দ্বিতীয় স্থান লাভ কৰে। ব্ৰাজিলৰ লুইজ মৌৰিচিঅ’ দা ছিলভাই ৮৬.৬২ মিটাৰ প্ৰচেষ্টাৰে তৃতীয় স্থান দখল কৰাৰ লগতে কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দক্ষিণ আমেৰিকাৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।
কঠিন যুঁজ দিয়াৰ আশা কৰা গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮০.২৯ মিটাৰ বেষ্ট প্ৰচেষ্টাৰে পঞ্চম স্থান দখল কৰে। আনহাতে, ট্ৰিনিদাদ এণ্ড ট’বাগোৰ কেশ্বৰ্ণ ৱালকটে ৮১.৬৬ মিটাৰ থ্ৰ’ৰে চতুৰ্থ স্থান দখল কৰে।
নীৰজৰ বাবে এইটো আছিল আঠ বছৰৰ পাছত পেৰিছ ডাইমণ্ড লীগলৈ ঘূৰি অহা। এই প্ৰতিযোগিতাত তেওঁ শেষবাৰৰ বাবে ২০১৭ চনত জুনিয়ৰ বিশ্ব চেম্পিয়ন হিচাপে অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ ৮৪.৬৭ মিটাৰ থ্ৰ’ৰে পঞ্চম স্থান দখল কৰিছিল।
নীৰজ চোপ্ৰাৰ পৰৱৰ্তী মেচ এতিয়া ২৪ জুনত চেক গণৰাজ্যত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকছ মিটত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৫ জুলাইত তেওঁ বেংগালুৰুত প্ৰথম সংস্কৰণৰ ‘নীৰাজ চোপ্ৰা ক্লাছিক’ৰ আয়োজন কৰিব, যিটো বিশ্ব এথলেটিকছৰ কেটেগৰী-এ প্ৰতিযোগিতা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
