বাক্সা, ২০ জুন (হি.স.)। বাক্সাৰ শালবাৰীত কাইলৈ যোগ দিৱসত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । আজি সন্ধিয়া মানাহত উপস্থিত হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যিক পৰ্য্যায়ত শালবাৰীত অনুষ্ঠিত কৰা হব যোগ দিৱস ।দিনে নিশাই প্ৰশাসনৰ লগতে দলীয় কৰ্মীয়ে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীক আদৰিবলৈ ।
অহাকালি ৰাতিপুৱা ৫ঃ৪৫ বজাৰ পৰা শালবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব যোগ দিৱসৰ কাৰ্যসূচী ।দিনে দিশাই শালবাৰীৰ হব লগা যোগ দিৱসৰ স্থান বিধায়ক ফনিধৰ তালুকদাৰ, পাৰিষদ জয় মুছাহাৰী, কাৰ্যবাহী সদস্য গৌতম দাস লগতে বিজেপি, ইউপিপিএল দলৰ কেইবাগৰাকীয়ো কাৰ্যকৰ্তা উপস্থিত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
