ভূপাল, ২০ জুন (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আজি মধ্যপ্ৰদেশ ভ্ৰমণৰ বাবে সাগৰলৈ আহি আছে। সাগৰৰ ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয়ৰ ৩৩ সংখ্যক সমাৱৰ্তনকে ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
নাগপুৰ বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে যাত্ৰা কৰি পুৱা ১১:১৫ বজাত সাগৰৰ ধন বিমানবন্দৰত উপস্থিত হ’ব বুলি জনসংযোগ বিষয়া সৌম্য সমীয়াই জানিবলৈ দিয়ে। ইয়াত তেওঁ পুৱা ১১:৫০ বজাত ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয়ৰ ৩৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত দিনৰ ১:৪৫ বজাত ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী গোবিন্দ সিং ৰাজপুতৰ বাসগৃহ মতেশ্বৰী ভৱনত উপস্থিত হ’ব।
বিয়লি ২:১০ বজাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে সাগৰ অঞ্চলৰ ঘাইপথ প্ৰকল্পৰ কাম-কাজ পৰ্যালোচনা কৰিব আৰু ইয়াৰ পিছত আঞ্চলিক সাংসদ ড০ লতা ৱানখেড়েৰ সৈতে বিয়লি ৩:১০ বজাত সুভদ্ৰা ভৱন মাক্ৰ’নিয়াত আনুষ্ঠানিক বৈঠকত মিলিত হ’ব। বিয়লি ৪ বজাত ধনসাগৰ বিমানবন্দৰৰ পৰা নাগপুৰলৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
