গুৱাহাটী, ২০ জুন (হি.স.)। আজি ২০ জুন। প্ৰতিবছৰে ২০ জুনৰ দিনটো বিষ্ণু প্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৰিহণা আগবঢ়াই থৈ যোৱা সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস। বিষ্ণু ৰাভা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এইবেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আজি বিষ্ণু ৰাভা দিৱসৰ দিনা একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰাজ্য।
উল্লেখ্য যে ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সংগীত আৰু শিল্পৰ অন্যতম পথ প্ৰদৰ্শক। কলাৰ এজন সাধক, অসমীয়া জনগোষ্ঠীৰ মাজত তেওঁ কলা গুৰু নামেৰে জনপ্ৰিয়। তেখেত আছিল অসমৰ বহুমুখী শিল্পী আৰু বিপ্লৱী গায়ক। তেওঁৰ সংগীত, আজি ‘বিষ্ণু ৰাভা সংগীত’ নামেৰে জনাজাত। ১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান মনিষীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ অতুলনীয় অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলিও কোৱা হয়।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰাজনৈতিক জগততো এসময়ত খোজ পেলাইছিল। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু এই নিৰ্বাচনত তেওঁ জয়ী হ’ব নোৱাৰিলে। ইয়াৰ পিছত ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনতো কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে যদিও তেওঁ পৰাজয়বৰণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
