নতুন দিল্লী, ১৯ জুন (হি.স.)। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি ৫৫ সংখ্যক জন্মদিন উদযাপন কৰিছে। এই উপলক্ষে দেশৰ বহু বিশিষ্ট ৰাজনৈতিক ব্যক্তিয়ে তেখেতলৈ শুভেচ্ছা প্ৰেৰণ কৰাৰ লগতে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ জৰিয়তে ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জনায়। তেওঁ লিখিছে, ৰাহুল গান্ধীৰ জন্মদিনৰ শুভেচ্ছা। ভগৱানে তেওঁক দীৰ্ঘ আৰু সুস্থ জীৱন প্ৰদান কৰক।
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাহুল গান্ধীক “আদৰ্শৰ ভাতৃ” বুলি অভিহিত কৰি শুভেচ্ছা প্ৰেৰণ কৰে। তেওঁ এটা পোষ্টত কয়, মোৰ আদৰ্শ ভাই ৰাহুল গান্ধীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা – তেজৰ দ্বাৰা নহয়, চিন্তা, দৃষ্টি আৰু উদ্দেশ্যৰ দ্বাৰা সংযুক্ত। আপুনি দৃঢ় হৈ থাকিব আৰু সাহসেৰে নেতৃত্ব দি যাওক। উজ্জ্বল ভাৰতৰ দিশত আমাৰ অভিযানত বিজয় আমাৰ হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স পোষ্টত কয়, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা। তেওঁৰ সুখ আৰু দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰিলোঁ।
উল্লেখযোগ্য যে ১৯৭০ চনৰ ১৯ জুন তাৰিখে দিল্লীৰ হলি ফেমিলি হস্পিতালত ৰাহুল গান্ধীৰ জন্ম হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ জ্যেষ্ঠ সন্তান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
