বাৰ্চিলোনা, ১৯ জুন (হি.স.): পূৰ্ব নিৰ্ধাৰিত অনুসৰিয়েই লা লিগা চেম্পিয়ন দলত যোগ দিয়ে স্পেনিছ গ’লৰক্ষক জুয়ান গাৰ্চিয়া। এয়া মাথোঁ আনুষ্ঠানিক ঘোষণা কৰিবলৈহে বাকী আছিল আৰু সেয়া বুধবাৰে স্পষ্ট কৰা হয়। বাৰ্চিলোনাই চহৰৰ প্ৰতিদ্বন্দ্বী স্পেনিয়লৰ পৰা স্পেনিছ গ’লৰক্ষক জুয়ান গাৰ্চিয়াক ছয় বছৰৰ বাবে চুক্তিবদ্ধ কৰে।
বুধবাৰে লা লিগা চেম্পিয়ন দলটোৱে এক বিবৃতিত কয় যে ২৪ বছৰীয়া ফুটবলাৰগৰাকীক মুকলিৰ দফা ২৫ মিলিয়ন ইউৰো দি চুক্তিবদ্ধ কৰা হৈছে।
অহা শুকুৰবাৰে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কৰিব বুলি ক্লাবটোৱে জনায়। ২০৩১ চনৰ ৩০ জুনলৈকে এই চুক্তি বাহাল থাকিব।
ছ’চিয়েল মিডিয়াত তেওঁ এস্পানিয়লৰ পৰা যোৱাৰ কথা ঘোষণা কৰিছিল। কেইঘণ্টামানৰ পিছত বাৰ্চিলোনাই তেওঁক চুক্তিবদ্ধ কৰাৰ কথা ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
