
-এছডিআৰএফ আৰু এনডিআৰএফৰ দল সমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত
নলবাৰী ১৯ জুন (হি.স.)। বৰক্ষেত্ৰীৰ পেৰাধৰাত নাওঁ দুৰ্ঘটনা। কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমষ্টিৰ অন্তৰ্গত পেৰাধৰাত নাওঁ দুৰ্ঘটনা।
নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা সুতিত আজি পুৱা প্ৰায় ৭.৪৫ বজাত সংঘটিত নাও দুৰ্ঘটনাত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি ঘটি মৃত্যু হয়। জানিব পৰা মতে আন কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন হৈ আছে। ইতিমধ্যে এন ডি আৰ এফৰ দ’ল দুৰ্ঘটনা উপস্থিত হৈছে। পেৰাধৰা চৰৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে লাৰকুছি পাৰঘাতলৈ আহি থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়া। পেৰাধৰা চৰৰ পৰা নাওঁ খন আহিছিল কিন্তু হঠাৎ দুৰ্ঘটনাটো সংঘটিত হয়।
অৱশ্যে নাওখনত থকা আন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলা প্ৰশাসনে জানিব দিয়া তথ্য অনুসৰি নলবাৰী জিলাৰ বৰক্ষেত্ৰী চক্ৰৰ অঞ্চলৰ লাৰকুছি পাৰাধৰা ক্ৰছিঙলৈ নদিয়া চৰৰ পৰা আহি আছিল এখন মটৰচালিত নাও। এই সময়ছোৱাত নাওখনে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।
জিলা প্ৰশাসনৰ সূত্ৰৰ পৰা লাভ কৰা আনুষ্ঠানিক তথ্য অনুসৰি দুৰ্ঘটনাটোত এজন প্ৰাপ্তবয়স্ক আৰু ৫ গৰাকী বিদ্যালয়ৰ ছাত্ৰ সন্ধানহীন হৈ আছে। অৱশ্যে বিতং প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে। তথ্য লাভ কৰাৰ লগে লগে ইতিমধ্যে এছডিআৰএফ আৰু আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
ইফালে, জিলা প্ৰশাসনৰ তথ্য অনুসৰি ১নং বেটেলিয়ন এন ডি আৰ এফৰ ৩১ জনীয়া এটা দলে সেই স্থানলৈ ৰাওনা হৈছে। চাৰিখন নাও, চাৰিজন ডুবাৰু আৰু দুটা ডিপ ডাইভাৰ চেট লৈ দলটোৱে ৰাওনা হয়। এন ডি আৰ এফৰ সূত্ৰই জনোৱা মতে, দলটোৱে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত যোগদান কৰিছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, নাওখনত প্ৰায় ২০ জন লোক আছিল। একে সময়তে বেচৰকাৰী সূত্ৰই জনাইছে যে নাওখনত ৩৫ৰ পৰা ৪০জন লোক আছিল। য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক আছিল। উক্ত ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
